500 Hindu Workers Laid Off By Muslim owners:ৰামলালাৰ প্ৰাণ প্রতিষ্ঠাত সম্প্ৰীতিৰ নিদর্শন

৫০০ হিন্দু কর্মীক ছুটী দিলে মুছলমান মালিকে

mandir 1

500 Hindu Workers Laid Off By Muslim owners:

ৰামলীলাৰ প্ৰাণ প্রতিষ্ঠা অনুষ্ঠান উপলক্ষে ৫০০ হিন্দু কর্মীক ছুটী দিলে ৰায়পুৰৰ এটা কোম্পানীয়ে। উল্লেখযোগ্য যে এই কোম্পানীৰ মালিক হ’ল এজন ইছলাম ধর্মী ব্যক্তি।

সাম্প্রদায়িক সম্প্রীতিৰ এক অনন্য নজিৰ সৃষ্টি কৰি ৰায়পুৰৰ হীৰাপুৰ ইন্ডাষ্ট্ৰিয়েল অঞ্চলৰ এই কোম্পানীটোৰ স্বত্বাধিকাৰী আলিকিউয়ান জাফেৰ ইমদাদীৱালাই তেওঁৰ প্ৰতিষ্ঠানত কর্মৰত প্রায় ৫০০ হিন্দু ধর্মী কর্মীক ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে এদিনৰ ছুটী দিলে।

এইসকল কর্মীয়ে যাতে ৰাম মন্দিৰ মুকলি অনুষ্ঠানত অংশ ল’ব বা টেলিভিছনৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিব পাৰে, সেই উদ্দেশ্যৰে ইমদাদীৱালাই তেওঁৰ প্ৰতিষ্ঠানৰ হিন্দু কর্মীসকলক ২২ জানুৱাৰীত ছুটী দিয়াৰ সিদ্ধান্ত লৈছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত বামদাদীৱালাই এইদৰে ক’লে, ‘ৰাম যেতিয়া অযোধ্যালৈ উভতি আহিছে, এয়া সমগ্র দেশ, বিশ্বৰ বাবে এক গৌৰৱৰ বিষয়। আজি বহু ভাৰতীয়ৰ মনৰ ইচ্ছা পূৰণ হ’ল। অযোধ্যালৈ ৰাম আকৌ উভতি আহিল। ইয়াৰ বাবে অযোধ্যাত উৎসৱ চলিছে। এই বিশেষ দিন উপলক্ষে সোমবাৰে আমি প্রতিষ্ঠানৰ কৰ্মীসকলক ছুটী দিলো।’

Exit mobile version