Bharat Jodo Nyay Yatra: মহানগৰীৰ খানাপাৰাত ন্যায় যাত্ৰাত উত্তপ্ত পৰিস্থিতি

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচাৰ্জ, বেৰিকেড ভাঙি জি এছ ৰোডলৈ প্ৰৱেশৰ চেষ্টা কৰা কংগ্ৰেছীক আৰক্ষীৰ বাধাৰোপ, আৰক্ষীৰ লাঠিচাৰ্জত আঘাতপ্ৰাপ্ত ভূপেন বৰা, দেৱব্ৰত শইকীয়া জাকিৰ জাকিৰ হুছেইন শিকদাৰ', হতাহতিত আঘাতপ্ৰাপ্ত কেইবাগৰাকী আৰক্ষীও, হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিবলৈ একাংশ ৰাইজক উৎসাহিত কৰাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

rahul main

Rahul Gandhi Bharat Jodo Nyay Yatra:

অথন্তৰে যেন লগ এৰা নাই ৰাহুল গান্ধীৰ বহুচৰ্চিত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত। মণিপুৰৰ পৰা আৰম্ভ হোৱা ন্যায় যাত্ৰাই মহানগৰীৰ মুল প্ৰৱেশদ্বাৰ খানাপাৰাত ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ জি এছ ৰোডলৈ যোৱাৰ প্ৰচেষ্টাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

জি এছ ৰোডলৈ প্ৰসাশনে প্ৰৱেশৰ অনুমতি দিয়া নাই নাই ভাৰত জোড়ো ন্যায় যাত্ৰা’ক৷যাক লৈ ক্ষুব্ধ ৰাহুল গান্ধী সহ এপিচিচিৰ নেতৃবৰ্গ । খানাপাৰাত বেৰিকেড সাজি মোতায়েন কৰা হৈছিল আৰক্ষী ৷ এপিচিচি সভাপতি ভূপেন বৰা সহ একাংশ কংগ্ৰেছীয়ে বেৰিকেড ভাঙি মহানগৰীৰ মাজলৈ যোৱাৰ বাবে চেষ্টা কৰাত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ স’তে কথাৰ কটাকটি হৈ ৷ ইয়াৰ পাছতে একাংশ কংগ্ৰেছী আৰক্ষীয়ে হতাহতিত লিপ্ত হয় ৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচালনা কৰে।আৰক্ষীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ সহ বহু কেইজন কংগ্ৰেছ নেতা- কৰ্মী ৷ ইফালে, ৰাহুলে সকলো ঘটনা কিছু দূৰৰ পৰা প্ৰত্যক্ষ কৰে।

উল্লেখ্য যে, গুৱাহাটীলৈ এই ন্যায় যাত্ৰাই প্ৰৱেশৰ বাবে ইতিপূৰ্বে এপিচিচিৰ ফালৰ পৰা অনুমতি বিচৰা হৈছিল। কিন্তু সাধাৰণ ৰাইজৰ হাৰাশাস্তি হোৱাৰ বাবে ৰাহুলৰ ন্যায় যাত্ৰা মহানগৰীৰ মাজেৰে যাব দিয়া নহ’ব বুলি ঘোষণা কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ বিপৰীতে যুদ্ধদেহিং স্থিতি লৈ এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই হুংকাৰ দিছিল ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই ৷

দুয়োজন নেতাই কয়,আমাৰ যাত্ৰা অসমত প্ৰৱেশ কৰাৰ পাছৰে পৰা পদে পদে চৰকাৰে বাধাৰোপ দি আহিছে ৷ তথাপিও ন্যায়ৰ এই যাত্ৰা অব্যাহত ৰাখিছো ৷ ৰাইজৰ সমৰ্থনত এই যাত্ৰা ৰাজধানী চহৰ গুৱাহাটী সহ নামনিৰ সকলো জিলা অতিক্ৰম কৰি পশ্চিমবংগত প্ৰৱেশ কৰিব ।

আনহাতে, ন্যায় যাত্ৰাৰ অংশগ্ৰহণকাৰী একাংশ কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ যাত্ৰাক লৈ মুখ্যমন্ত্ৰীয়ে শংকিত হৈছে মন্তব্য কৰে ৷

ইপিনে, জি এছ ৰোডলৈ যোৱাৰ পথত আৰক্ষীয়ে বেৰিকেড দি পথ অৱৰোধ কৰি ৰখাত ক্ষোভিত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বাছৰ ওপৰৰ পৰা সমৰ্থকক সম্বোধন কৰে ৷ একেদৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়েও খানাপাৰাৰ পৰাই উপস্থিত সমৰ্থক আৰু ৰাইজক সম্বোধন কৰি কয় যে, অসমৰ ৰাইজৰ বজ্ৰ কণ্ঠ ৰুদ্ধ কৰা হৈছে। আমি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ভয় নকৰো। কোনো এজন কংগ্ৰেছ নেতা- কৰ্মী আৰ এছএছ – বিজেপি লৈ ভয় নকৰে।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে আৰু কয় যে, আমি আজি প্ৰশাসনে লগোৱা বেৰিকেড ভাঙিছো কিন্তু কোনো ক্ষেত্ৰতে আইন উলংঘা নকৰো। অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ আইন ভংগ কৰিব পাৰে। কিন্ত আমি কংগ্ৰেছী সকলে আইন হাতত তুলি নলও ৷

অসমত ইতিমধ্যে আৰএছএছ – বিজেপিয়ে যি একনায়কত্ববাদৰ বিচাৰধাৰাক আমি সমুলঞ্চে পৰাভূত কৰিম। নেতাজনে এই কথাও কয় যে, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ স’তে আমি মতবিনিময়ৰ কৰিবলৈ বিচাৰিছিলো যদিও ৰাজ্য চৰকাৰে অনুমতি নিদিলে ৷ আচলতে চৰকাৰে আমাৰ এই যাত্ৰাক লৈ শংকিত হৈছে ৷ আগন্তুক দিনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব হিমন্ত বিশ্ব শৰ্মাক ৷

ইপিনে, হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিবলৈ একাংশ ৰাইজক উৎসাহিত কৰাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

Exit mobile version