Prime Minister Will Address More Than 200,000 New Voters in Assam:প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব অসমৰ দুই লক্ষাধিক নৱ ভোটদাতাক

bjym

Prime Minister Will Address More Than 200,000 New Voters in Assam:

ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ দুই লক্ষাধিক অসমৰ নতুন ভোটদাতাক ভাৰ্চুৱেলি সম্বোধন কৰিব। ২৫ জানুৱাৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অসমৰ ১০৬ টা সমষ্টিৰ দুটাকৈ স্থানত আয়োজিত নতুন ভোটদাতা সন্মিলনত এহেজাৰৰো অধিক নতুন ভোটদাতাই অংশগ্ৰহণ কৰিব বুলি আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল যোগেৰে সদৰি কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই ।

দেশৰ উত্থানত নতুন ভোটদাতা সকলক সফলভাৱে অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত নৱ-ভোটদাতা সন্মিলন সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ’ব । প্ৰধানমন্ত্ৰী গৰাকীৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাও উপস্থিত থাকিব লগা সন্মিলনখনৰ আদৰণি ভাষণ আগবঢ়াব যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই ।

সংবাদ মেলত যুৱ মৰ্চাৰ সভাপতি গৰাকীয়ে অসমৰ মুঠ ২১২ স্থানৰ কাৰ্যসূচীতে ভাৰতীয় জনতা পাৰ্টীৰ সকলো স্থানীয় সাংসদ ,বিধায়ক, দলৰ জ্যেষ্ঠ নেতৃত্ব উপস্থিত থাকিব বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে যোৱা এসপ্তাহৰ পৰা দেশজুৰি যুৱ মৰ্চাৰ উদ্যোগত আৰম্ভ হোৱা নতুন ভোটদাতা পঞ্জীয়নৰ যোগেদি ২৪ জানুৱাৰী তাৰিখলৈকে অসমৰ এক লাখ আশী হেজাৰ নতুন ভোটদাতাই পঞ্জীয়ন কৰে ।

Exit mobile version