Bjym Pressmeet In Guwahati:
চীনত অনুষ্ঠিত হৈ যোৱা ১৯ সংখ্যক এছিয়ান গেমছত ভাৰতৰ অভূতপূর্ব সফলতাৰ বাবে প্ৰতিজন পদক বিজেতা খেলুৱৈক ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই অভিনন্দন জনাই।
আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি বৰুৱাই কয় যে, নেতৃত্ব সবল হ’লে দেশ সকলো ক্ষেত্ৰতে আগুৱাই যায়। ভাৰতৰ যশস্বী প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্য ক্ষেত্ৰ সমূহৰ দৰে ক্ৰীড়া ক্ষেত্ৰখন উত্তৰণৰ বাবে যথেষ্ট কাম কৰাৰ ফলতেই এছিয়ান গেমছত ভাৰতে ১০৭ টা পদক আজুৰি আনিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে এছিয়ান গেমছৰ প্ৰস্তুতিৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে ২২০ কোটিৰো অধিক টকা মোকলাই দিছিল ।
তাৰোপৰি আমাৰ দাঁতিকাষৰীয়া ৰাজ্য মণিপুৰত দেশৰ প্ৰথমখন ক্রীড়া বিশ্ববিদ্যালয় ৪৫০ কোটি টকা খৰছেৰে হ’বলৈ গৈ আছে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাতো অনিৰুদ্ধদেব ক্রীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছে।
সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই কয় এছিয়ান গেমছৰ মহিলা বক্সিঙত ৰূপৰ পদক লাভ কৰি পেৰিছৰ অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসম গৌৰৱ লাভলীনা বৰগোঁহাই অসমৰ প্ৰতিজন যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক।
লাভলীনা বৰগোঁহাইৰ লগতে এছিয়ান গেমছত অংশগ্ৰহণ কৰা শিৱাংগী শৰ্মা, উমা ছেত্রী, প্রিয়া দেবী, শিৱ থাপা, অস্মিতা চলিহা আৰু অম্লান বৰগোহাঁইলৈ এক প্ৰেছ বিবৃতিৰ জৰিয়তে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্রদেশে অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰে।