Five Lakh Get Ramlalla’s Darshan In Ayodhya:ভক্তই মৰমেৰে উপচালে ৰামলালাক, ভিৰ উপচি পৰিছে ৰাম মন্দিৰৰ দানপাত্ৰ

 গর্ভগৃহত বান্দৰৰ প্ৰৱেশ থমকি ৰ'ল নিৰাপত্তাৰক্ষী

ramlala 1

Five Lakh Get Ramlalla’s Darshan In Ayodhya:

পুৱতি নিশা প্রায় তিনি বাজিছে। সমগ্র অযোধ্যাকে ঘন কুঁৱলীয়ে ঢাকি ৰাখিছে। প্রচণ্ড ঠাণ্ডাত থৰ থৰকৈ কঁপিবলগীয়া পৰিবেশ। তাৰ মাজতো ৰাম মন্দিৰ চৌহদত আৰম্ভ হৈছে ভক্তৰ ভিৰ। মন্দিৰত প্ৰৱেশৰ মূল দুৱাৰ ‘ভক্তি পথ’ত সেই তিনি বজাৰ পৰাই শাৰী পাতিছে অসংখ্য ভক্তই। সময় যিমানে আগবাঢ়িছে, ক্ৰমাৎ ভক্তৰ সংখ্যাও বৃদ্ধি পাইছে। ৰাম মন্দিৰ চৌহদত আৰম্ভ হোৱা ভক্তৰ শাৰী গৈ পায় হনুমান গড়ী পথ। এটা নহয়, একেলগে দুটাকৈ শাৰী পাতি ৰামলালাক দৰ্শন কৰিবলৈ অপেক্ষা কৰিছে হেজাৰ হেজাৰ ভক্তই। সেই শাৰী যাতে তিলমানো বেঁকা নহয়, সেয়া নিশ্চিত কৰিবলৈ সমগ্র পথছোৱাতে সতর্ক হৈ ৰৈছে নিৰাপত্তাৰক্ষী

এয়া আছিল ৰামলালাৰ বুধবাৰৰ চৌহদৰ পৰিবেশ। পুৱাৰে পৰা অযোধ্যাৰ আকাশ মেঘে ঢাকি ৰাখিছিল। সূৰ্যৰ কিৰণ এবাৰলৈকো নপৰিল। তাৰ মাজতো সূর্যবংশীয় ৰামলালাক চাবলৈ আগ্রহৰ অন্ত নাই হেজাৰ হেজাৰ ভক্তৰ। অৱশ্যে সাধু-সন্ত বা প্ৰথম শ্ৰেণীৰ নেতা, সংবাদ মাধ্যমৰ বাবেও মন্দিৰত শাৰী বাবে এক সুকীয়া প্রৱেশ পথ খোলা আছিল।

উল্লেখ্য যে মন্দিৰত প্ৰৱেশৰ সময়ত প্রতিজন দর্শনার্থীকে পুংখানুপুংখভাবে পৰীক্ষা কৰিবলৈ মুঠতে ১৫ খন প্রৱেশদ্বাৰ স্থাপন কৰা হৈছে। তাৰ ভিতৰত পাঁচখন প্রৱেশদ্বাৰ মহিলাৰ বাবে সুকীয়া। ভক্তসকলক ম’বাইল ফোন বা আন কোনো সামগ্রীয়ে লগত নিবলৈ দিয়া হোৱা নাই। অৱশ্যে মানিবেগ নিবলৈ দিয়া হৈছে।

উল্লেখ্য যে কে’বা ঘণ্টাজোৰা অপেক্ষা, একাধিকবাৰ তালাচীৰ সম্মুখীন হৈ ৰামলালাৰ ওচৰচাপিবলৈ সক্ষম হোৱাৰ পাছতো পিছে দর্শনার্থীক থাকিবলৈ সময় বেছি দিয়া হোৱা নাই। কোনোমতে এজন দর্শনার্থীয়ে অতি বেছি ৩০ ছেকেণ্ড সময় সেৱা কৰাৰ সুযোগ পাইছে। প্রায় ১০ মিটাৰ দূৰত থকা ৰামলালালৈ সেৱা আগবঢ়াই আগবাঢ়িছে ভক্তসকল।

যিহেতু অতি সামান্য সময়হে ৰামলালাক প্রত্যক্ষ কৰাৰ সুযোগ পাইছে, সেয়েহে কোনেও বামলালাক পূজা-অর্চনা কৰিবলৈ ফুল বা নৈবেদ্য নিয়াৰ সুযোগ পোৱা নাই। মাথোঁ সেরা কৰিয়ে ৰামলালাৰ পৰা আঁতৰি যাবলগীয়া ৰামলালাৰ কাষত মৰমলগা। হৈছে। এনেদৰে কেইটামান ক্ষণৰ’ বাবে ৰামলালাৰ কাষ চপা যাত্রীসকলৰ ভক্তিতকৈও যেন শিশু ৰামৰ প্রতি মৰমহে বেছি। দেখাত এটি পাঁচ বছৰীয়া শিশুৰ দৰে ‘ৰামলালা’ সঁচাই সকলোৱে জয় শ্রীৰাম ধ্বনি দি সেৱা কৰিছে আৰু গর্ভগৃহৰ পৰা প্রস্থান কৰিবলৈ বাধ্য হৈছে।

গর্ভগৃহৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পথতে দুয়োকাষে আছে দুটা দানপাত্র। ৰামলালাক ফুল বা নৈবেদ্যৰে পূজা- অর্চনাৰ সুযোগ নোপোৱা দর্শনার্থীসকলে সেয়েহে নিজৰ সাধ্য অনুযায়ী নগদ ধন আগবঢ়াই ৰামলালালৈ যাঁচিছে নিজৰ স্নেহ। এনেদৰে সকলোবে অৰিহণা দিয়াৰ ফলত উপচি পৰিছে দানপাত্র।

সকলোকে অবশ্যে বিনামূলীয়াকৈ প্রসাদ দিয়া হৈছে। প্রসাদৰ পেকেটত লিখা আছে- ‘শ্রীৰাম জন্মভূমি মন্দিৰ, অযোধ্যা জী’। অর্থাৎ অযোধ্যা নগৰো যেন দেৱতাৰ শাৰীলৈ উঠিল। গর্ভগৃহত প্রভু ৰামচন্দ্ৰৰ আশিস কৰিলে বানৰ সেনাই। মন্দিৰ চৌহদতো নিৰাপত্তাৰক্ষীয়ে ঘেৰি থকা তথা লাখ লাখ ভক্তই ভিৰ কৰা মন্দিৰ চৌহদত নহয়, আৰক্ষী- ভক্তৰ ভিৰ ফালি তথা আৰক্ষীৰ চকুত ধূলি দি ৰাম মন্দিৰৰ গর্ভগৃহত প্রবেশ কৰিলে এটা বান্দৰে।

বুধবাৰে বিয়লি ৫-৫০ বজাত হঠাতে ৰাম মন্দিৰৰ গর্ভগৃহত মূল সিংহাসনৰ কাষত উপবিষ্ট হ’ল এটা বান্দৰ। তাকে লৈ স্বাভাৱিকতে হৈ-চৈ লাগিল। নিৰাপত্তাৰক্ষীয়ে বান্দৰটো খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও বান্দৰটো গৈ ৰামলালাৰ মূৰ্তিৰ নিৰাপত্তাৰক্ষীয়ে বান্দৰটো খেদিবলৈ কাষতে অবস্থান ল’লে। ফলত গৈয়ো থমকি ৰ’বলগীয়া হ’ল। কিয়নো বেছি খেদিলে বান্দৰটোৱে জপিওৱাৰ ফলত ৰামলালাৰ বিগ্রহটো নিৰাপত্তাৰক্ষীসকলে সকলো কথা বাগৰি পৰিবও পাৰে।

গতিকে ভাবি-চিন্তি বান্দৰটো খেদিবলৈ এৰিলে। মূল মন্দিৰৰ দক্ষিণ প্রবেশদ্বাৰৰে প্ৰৱেশ কৰা বান্দৰটোৱে এনেদৰে গর্ভগৃহত কিছু সময় অপেক্ষা কৰি উত্তৰ দিশত থকা দুবাৰৰে ওলাই যাবলৈ বাওনা হয় যদিও সেই সময়ত দুৱাৰখন বন্ধ থকাত বান্দৰটোৱে পুনৰ প্ৰৱেশদ্বাৰ অভিমুখে ৰাওনা হয় আৰু সেই প্রৱেশদ্বাৰেৰে হেজাৰ হেজাৰ ভক্তৰ মাজেৰে অনায়াসে বাহিৰলৈ ওলাই যাবলৈ সক্ষম হয়। ওলাই যোৱাৰ সময়তো বান্দৰটোৱে কোনো এজন লোককে কোনো ধৰণৰ অসুবিধা দিয়া নাছিল।

সুৰক্ষা কৰ্মীসকলে এই কাণ্ড দেখি মন্তব্য কৰে- ‘হনুমানজীয়ে নিজে ৰাম মন্দিৰলৈ আহি ৰামলালা দর্শন কৰি গ’ল।’ এই কথা ৰাম জন্মভূমি তীর্থ ক্ষেত্র কর্তৃপক্ষই ব্যক্ত কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে ।

Exit mobile version