They Will Remain On Contract Basis Or Regularize Their Jobs:শিক্ষকক বিমোৰত পেলাই ৰাজ্য চৰকাৰৰ চৰ্ত সাপেক্ষ নিৰ্দেশ জাৰি

ঠিকাভিত্তিক হৈয়ে থাকিব নে চাকৰি নিয়মীয়া কৰিব?, অহা ৩০ জানুৱাৰীৰ ভিতৰত প্রতিজন শিক্ষকে লিখিত আকাৰে জনাব লাগিব, নিয়মীয়াকৰণ হ'লে নতুন নিযুক্তিৰ দৰে আৰম্ভ হ'ব বেতন ক্রম, হ্রাস পাব ১০ হেজাৰ টকা পর্যন্ত দৰমহা নিৰ্দেশনাৰ, তীব্ৰ বিৰোধ প্রাথমিক শিক্ষক সম্মিলনীৰ

ratul goswami

They Will Remain On Contract Basis Or Regularize Their Jobs:

চাকৰি নিয়মীয়াকৰণ বিচাৰে নে পূৰ্বৰ দৰে ঠিকাভিত্তিক শিক্ষক হিচাপেই ৬০ বছৰ বয়সলৈ চাকৰি কৰি থাকিব বিচাৰে সেই কথা লিখিত আকাৰে অহা ৩০ জানুৱাৰীৰ ভিতৰত ৰাজ্য চৰকাৰক জনাব লাগিব ৰাজ্যৰ হেজাৰ হেজাৰ টেট উত্তীর্ণ প্রাথমিক শিক্ষকে।

ঠিকাভিত্তিক নিযুক্ত থকাটোৱে বিচাৰে নে আজিৰ তাৰিখৰ পৰা নতুন দৰমহা গাঁথনিৰে কমেও ১০ হেজাৰ টকা কমকৈ দৰমহা লৈ চাকৰি নিয়মীয়া কৰিব বিচাৰে সেই কথা নিজস্বভাৱে সিদ্ধান্ত লৈ লিখিত আকাৰে চৰকাৰক জনাবলৈ শিক্ষা বিভাগে যোৱা ১৮ জানুৱাৰীত জাৰি কৰা নিৰ্দেশনাক লৈ এতিয়া বিমোৰত পৰিছে ঠিকাভিত্তিক নিযুক্ত প্রাথমিক শিক্ষকসকল।

প্রতিজন শিক্ষকে স্বইচ্ছাই নিজৰ চাকৰিটো ঠিকাভিত্তিক হৈ ঠিকাভিত্তিক নিযুক্ত শিক্ষকে নিজৰ চাকৰি নিয়মীয়াকৰণ বিচাৰে যদিও তেওঁলোকে বর্তমানে ঠিকাভিত্তিক শিক্ষক হিচাপে বিগত ১০-১২ বছৰ ধৰি কাম কৰি অহাৰ সূত্রে জ্যেষ্ঠতাৰ ভিত্তিত লাভ কৰা দৰমহাৰ হাৰ অক্ষুণ্ণ থকাটো বিচাৰে; কিন্তু ৰাজ্য চৰকাৰে চৰ্ত আৰোপ কৰিছে যে চাকৰি নিয়মীয়াকৰণ কৰিলে যিটো তাৰিখৰ পৰা চাকৰি নিয়মীয়াকৰণ হ’ব সেই তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈহে নতুন নিযুক্তিৰ দৰে দৰমহাৰ গাঁথনি লাভ কৰিব।

ৰাজ্য চৰকাৰৰ এই চৰ্তৰ বিৰুদ্ধে ঠিকাভিত্তিক নিযুক্ত শিক্ষকসকলে বিগত সময়ছোৱাত ভালেমান প্রতিবাদী কাৰ্যসূচীও গ্রহণ কৰিছে যগিও চৰকাৰে ইয়ালৈ কাণসাৰ নিদি নিজৰ সিদ্ধান্ততে অটল থাকি অহা ৩০ জানুৱাৰীৰ ভিতৰত শিক্ষকসকলক তেওঁলোকে চাকৰি নিয়মীয়াকৰণ হোৱা বিচাৰে নে ঠিকাভিত্তিক শিক্ষকরূপেই কার্যনির্বাহ কৰি থাকিব বিচাৰে সেয়া জনাবলৈ সময়সীমা বান্ধি দিছে।

শিক্ষা বিভাগৰ এই নির্দেশনাৰ তীব্র বিৰোধিতা কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়ে। সম্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এক বিবৃতিযোগে ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণৰ প্ৰসংগত সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্রীক আহ্বান জনাইছে।

ইয়াৰ অন্যথা গুণোৎসৱ পাৰ হ’লেই ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক সংগ্ৰাম আৰম্ভ কৰাৰ ভাবুকি দিছে শিক্ষক সম্মিলনীৰ প্ৰধান সম্পাদকজনে। বিবৃতিটোত গোস্বামীয়ে কয় যে যোৱা ২১ ডিচেম্বৰত শিক্ষকসকলে সকলো জিলাৰ আয়ুক্তৰ জৰিয়তে স্মাৰকপত্র প্রদান কৰিছিল যদিও তাৰ পাছতো শিক্ষা বিভাগে শিক্ষক সমাজৰ দাবীক আওকাণ কৰি চৰ্ত আৰোপৰে চাকৰি নিয়মীয়াকৰণ কৰিব বিচাৰিছে।

শিক্ষক সম্মিলনীয়ে কয় যে এজন শিক্ষকে নিজৰ চাকৰি ঠিকাভিত্তিক হ’ব নে নিয়মীয়া হ’ব সেই সন্দর্ভত এটা বিকল্প গ্রহণ কৰিবলৈ বাধ্য কৰোৱাটো উচিত হোৱা নাই। চাকৰি নিয়মীয়াকৰণৰ নামত দৰমহা হ্রাস কৰা অমানবীয় সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ দাবী জনাই সম্মিলনীয়ে কয় যে কস্তুৰীৰংগন সমিতিয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ জৰিয়তে দিয়া পৰামৰ্শ অনুসৰি কোনো ঠিকাভিত্তিক শিক্ষক থাকিব নোৱাৰে। তেনেস্থলত ৰাজ্য চৰকাৰে কি ভিত্তিত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকক বিকল্প প্রক্রিয়াৰে ঠিকাভিত্তিকে হৈ থকাৰ পৰামৰ্শ প্রদান কৰিছে, সেয়া চিন্তনীয় বিষয়।

ৰাজ্য চৰকাৰে শিক্ষকসকলক সুৰক্ষিত কৰাৰ চিন্তা নকৰি বোজা আঁতৰ কৰাৰ দৰে মনোভাব প্রকাশ কৰাটো উচিত নহয়। শিক্ষক সম্মিলনীয়ে এই কথাও কয় যে ঠিকাভিত্তিক নিযুক্ত শিক্ষকসকলে দীর্ঘদিন ধৰি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পৰিয়ালৰ পৰা আঁতৰি থাকি দুর্গম অঞ্চলত সেবা প্রদান কৰি আহিছে।

শিক্ষকসকলৰ দীর্ঘদিনীয়া সেবাত মান্যতা দি পাই থকা বেতন নিৰিখৰ ক্ৰম ৰক্ষা কৰি চাকৰি নিয়মীয়া কৰাটো শিক্ষকসকলৰ প্ৰাপ্য। তাকে নকৰি শিক্ষক সমাজক বিমোৰত পেলাই শিক্ষকসকলে বিচৰা ধৰণে চর্ত সাপেক্ষে নিয়মীয়া কৰিবলৈ লোৱা সিদ্ধান্ত কোনোপধ্যে মানি ল’ব নোৱাৰি।

উল্লেখ্য যে ৰাজ্যত গুণোৎসৱ চলি থকাৰ সময়তে ৰাজ্য চৰকাৰে ঠিকাভিত্তিক নিযুক্ত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত অমানবীয় সিদ্ধান্ত এটা কাৰ্যকৰী কৰোৱাৰ লক্ষ্যৰে আদেশ প্রকাশ কৰাটো এক ষড়যন্ত্র বুলি অভিহিত কৰি প্রাথমিক শিক্ষক সম্মিলনীয়ে কয় যে এনে সিদ্ধান্তৰ বিৰুদ্ধে বাকী থকা ১০ খন জিলাত গুণোৎসৱ শেষ হোৱাৰ পাছতে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

Exit mobile version