Winter Is Expected To Continue In Delhi:দিল্লীত শীতৰ প্রকোপ বৃদ্ধি, শীতপ্রৱাহ অব্যাহত থকাৰ সম্ভাৱনা

১১৯ বিমান চলাচলত বিলম্ব, ৰে'লসেৱাও বাধাগ্রস্ত

delhi 1

Winter Is Expected To Continue In Delhi:

দিল্লীত শীতৰ প্রকোপ ক্রমে বৃদ্ধি পাবলৈ ধৰিছে। বৃহস্পতিবাৰে পুৱা দেশৰ ৰাজধানী চহৰখনত ঘন। কুঁৱলীৰ লগতে তীব্র শীতে স্বাভাবিক জনজীৱনক প্রভাৱিত কৰিলে। ঘন কুঁৱলীৰ কাৰণত দিল্লীত

বৃহস্পতিবাৰে পুৱা ২২খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ প্রস্থান, ২০ খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ আগমন, ৩১ খন ঘৰুৱা বিমানৰ আগমন আৰু ৪৬ খন ঘৰুৱা বিমানৰ প্ৰস্থান বিলম্ব হৈছিল।

একেদৰে দিল্লীত একাধিক ৰে’লৰ চলাচল বাধাগ্রস্ত হয়। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, দিল্লীৰ লগতে সমগ্ৰ উত্তৰ ভাৰতত আগন্তুক পাঁচদিনলৈকে ঘন কুঁৱলী আৰু শীতপ্রবাহ অব্যাহত থকাৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে পুৱা দিল্লী, হাৰিয়ানা, পঞ্জাব, ৰাজস্থান, চণ্ডীগড়, মধ্য প্রদেশ আৰু বিহাৰৰ অধিকাংশ অঞ্চলত নিম্নতম তাপমাত্রা ছয়ৰ পৰা ১০ ডিগ্রী চেলচিয়াছৰ ভিতৰত আছিল। আনহাতে, উত্তৰ প্ৰদেশত সর্বনিম্ন তাপমাত্রা আছিল তিনিৰ পৰা পাঁচ ডিগ্রী চেলচিয়াছ।

Exit mobile version