Nagaon Prominent Social Worker Bulu Bora Passes Away:বিশিষ্টা সমাজকৰ্মী বুলু বৰাৰ পৰলোকপ্ৰাপ্তি

bulu das

Nagaon Prominent Social Worker Bulu Bora Passes Away:

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ভেৰভেৰী নেধাৰ গাৱৰ নিবাসী বিশিষ্টা সমাজকৰ্মী তথা সৰবৰহি মহিলা বুলু বৰাৰ দেহাৱসান

ADVERTISEMENT

বয়োবৃদ্ধ বুলু বৰা শাৰিৰীক অসুস্থতাৰ বাবে কিছুদিন পূৰ্বে দিল্লীৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছিল । পাছত সুস্থ হৈ পুনৰ নিজ গৃহলৈ উভতি আহে ৷ বৃহস্পতিবাৰে বহুমুত্ৰ ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰে ৷

নেমকেয়াৰত চিকিৎসাধীন অৱস্থাতে শুক্ৰবাৰে পুৱা ৬-৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৯ বছৰ ৷ মৃত্যুৰ সময়ত সৰবৰহী বৃদ্ধা গৰাকীয়ে ইহসংসাৰত এৰি যায় চাৰি পুত্ৰ, এগৰাকী জীয়ৰী, নাতি- নাতিনী সহ আত্মীয়সৰ্জন ৷

সৰবৰহী বুলু বৰাই বিভিন্ন সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ স’তে জড়িত আছিল ৷ তেখেতৰ মৃত্যুত ভেৰভেৰী নেধাৰ গাঁৱত গভীৰ শোকৰ ছাঁ পৰে ৷ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে বুলু বৰাৰ মৃত্যু শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাই ৷

Exit mobile version