Twin Sisters Reunited Nearly Two Decades After Their Birth:জন্মৰ প্ৰায় দুটা দশকৰ পাছত পুনর্মিলন যমজ ভগ্নীৰ

একেখন চহৰতে বাস কৰিও ১৯ বছৰ ধৰি নাছিল পৰিচয়

twin sister

Twin Sisters Reunited Nearly Two Decades After Their Birth:

দুয়োৰে চেহেৰা অবিকল। চকু, নামণ, নাক, মুখ আদিত দুয়োৰে পার্থক্য বিচাৰি উলিওরা কঠিন। কাৰণ সম্পর্কত দুয়ো যমজ ভগ্নী। অথচ সুদীর্ঘ ১৯ বছৰ ধৰি দুই ভগ্নীয়ে পৰস্পৰক চিনি পোৱা নাছিল।

জন্মৰ প্রায় দুটা দশকৰ পাছত পৰস্পৰৰ পৰিচয় জানিব পাৰি অবাক হৈ পৰিল দুই তৰুণী। চিনেমাৰ কাহিনীৰ দৰে লাগিলেও এই ঘটনা বাস্তৱত সংঘটিত হৈছে পুব এছিয়াব দেশ জর্জিয়াত

সম্প্রতি দুই যমজ ভগ্নীৰ পুনর্মিলন ঘটিছে। ইয়াৰ পাছতে সামাজিক মাধ্যমত ভাইবেল হৈছে এই ঘটনা। জর্জিয়াৰ এখন চহৰৰ হাস্পতালত ১৯ বছৰৰ পূর্বে জন্ম হৈছিল এহাল মৰমলগা কন্যা সন্তানৰ। মাতৃ আজা ছোনিৰ কোলা শুৱনি কৰি পৃথিৱীলৈ আহিছিল এমি আৰু এনো।

যমজ সন্তান জন্ম দিয়াৰ পাছতেই এক জটিল ৰোগত আক্রান্ত হৈ ক’মাত যায় মাতৃ আজা। তেতিয়াৰ পৰাই তেওঁ শয্যাশায়ী হৈ আছে। এনে পৰিস্থিতিত আজাৰ অসহায় স্বামীয়ে নিজৰ হৃদয়ত শিল বান্ধি এক কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হয়। কিয়নো ৰোগাক্রান্ত পত্নীৰ চিকিৎসা আৰু নৱজাত যমজ সন্তানৰ লালন-পালন তেওঁৰ বাবে কঠিন হৈ পৰিছিল।

এনে পৰিস্থিতিত পিতৃয়ে এনে এক সিদ্ধান্ত ল’লে, যি এমি আৰু এনো জীৱন সম্পূর্ণৰূপে পৃথক দিশে লৈ গ’ল। দুই কন্যা সন্তানক পৃথক পৰিয়ালত বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে অসহায় পিতৃয়ে। ফলত জন্মৰ পাছতে বিচ্ছিন্ন হৈ পৰে দুই যমজ ভগ্নী। এমি আৰু এনোৱে জনা নাছিল যে তেওঁলোকৰ কোনো যমজ ভগ্নী আছে। এইদৰেই ১১টা বছৰ পাৰ হৈছিল। এমি আক এনোৱে একেখন চহৰতে কেই কিলোমিটাৰ মানৰ ব্যৱধানত ডাঙৰ-দীঘল হৈছিল যদিও তেওঁলোকৰ পৰিচয় হোৱা নাছিল।

আনকি ১১ বছৰ বয়সত দুয়ো এখন নাচৰ প্ৰতিযোগিতাত অংশ লৈছিল যদিও কোনেও ধৰিব নোৱাৰিলে যে এমি আৰু এনো প্রকৃততে যমজ ভগ্নী।

জন্মৰ ১২ বছৰৰ পাছত এদিন এমিয়ে এটা টিভি অনুষ্ঠানত দেখা পালে সাইলাখ তেওঁৰ দৰে এগৰাকী কিশোৰীয়ে নাচি আছে। সেয়া দেখি এমি বিস্মিত হয়। ছোৱালীজনী কোন জানিবলৈ এমিৰ কৌতূহল জন্মে। আনহাতে, এনোৰো হঠাৎ এদিন এটা টিকটক ভিডিঅ’ দৃষ্টিগোচৰ হয়। সেই ভিডিঅ’ত সাইলাখ তেওঁৰ দৰে এগৰাকী কিশোৰীক দেখা পালে এনোৰে।

তাৰ পাছৰে পৰা আৰম্ভ হয় পৰস্পৰে পৰস্পৰৰ সন্ধান কৰা কার্য। অৱশেষত ১৯ বছৰৰ পাছত এমি আৰু এনোৰ পুনর্মিলন ঘটে, জানিব পাৰে তেওঁলোকৰ প্ৰকৃত পৰিচয়। এমি জর্জিয়াৰ জুগদিদি চহৰৰ খিভিতা পৰিয়ালত ডাঙৰ হৈছে। আনহাতে, এনো ডাঙৰ হৈছে একেখন চহৰৰে ছাৰতানিয়া পৰিয়ালত। ইমান বছৰৰ পাছত পৰস্পৰৰ পৰিচয় জানিব পাৰি তেওঁলোক যিদৰে অবাক হৈ পৰিছে, সেইদৰে আনন্দিতও হৈছে ৷

Exit mobile version