Guwahati’s traffic was closed for two minutes in tribute to the father of Nation:
আজি জাতিৰ পিতাৰ স্মৃতি দিৱস ৷ সমগ্ৰ দেশজুৰি দুইমিনিটৰ বাবে ৰাজপথত যানবাহনৰ চলাচল বন্ধ হৈ পৰিল ৷ অনুৰূপ ধৰণে গুৱাহাটী মহানগৰীটো অভিনৱ পন্থাৰে জাতিৰ পিতাক জনোৱা হয় শ্ৰদ্ধাঞ্জলী ৷
ADVERTISEMENT
মঙলবাৰে বাপুজীক শ্ৰদ্ধাঞ্জলীত দুই মিনিটৰ বাবে বন্ধ হয় মহানগৰীৰ সদাব্যস্ত ৰাজপথত যাতায়ত ৷ ট্ৰেফিক আৰক্ষীয়ে হঠাতে গুৱাহাটীত ১১ বজাৰ পৰা ১২-০২ লৈ বন্ধ কৰিলে যানবাহনৰ চলাচল ৷
খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ পৰা জনতা ভৱনৰ মাজৰ পথছোৱাত দুই মিনিটৰ বাবে বন্ধ হয় যাতায়ত ৷
আনকি খোদ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ কনভয় ৰাজপথত ৰৈ যায় দুই মিনিটৰ বাবে ৷