Heavy Cold Continues in the Capital:প্রতিকূল বতৰৰ কাৰণত একাধিক ৰেল- বিমানৰ চলাচল বিঘ্নিত

প্রৱল শীতপ্রবাহ অব্যাহত

delhi 2

Heavy Cold Continues in the Capital:

সমগ্র উত্তৰ ভাৰতত প্রৱল শীতপ্রবাহ অব্যাহত আছে। জানুৱাৰীৰ অন্তিমটো সপ্তাহত দিল্লী আৰু ৰাষ্ট্রীয় ৰাজধানীৰ ক্ষেত্রত প্রৱল শীত অনুভূত হৈছে।

উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত সম্প্রতি তাপমাত্রা চাৰি ডিগ্রী চেলচিয়াছলৈকে অৱনমিত হৈছে। অত্যধিক শীতৰ ফলত বিশেষভাবে যাত্রীসকল প্রভাৱিত হৈছে। ঘন কুঁৱলীৰ কাৰণত ৰে’ল আৰু বিমান সেৱা বিঘ্নিত হৈছে।

যোৱা দুদিন ধৰি দিল্লীলৈ অহা কে’বাখনো ৰে’লৰ চলাচলত বিলম্ব হয়। আনহাতে, ঘন কুঁৱলীব কাৰণত বহু বিমানৰ চলাচলত বাধাৰ সৃষ্টি হৈছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দিল্লী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৩১ জানুৱাৰী বা ইয়াৰ পাছত মৃদু বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। এনেক্ষেত্ৰত ৰাজধানী সহ পাশ্বৱৰ্তী অঞ্চল সমূহৰ জীৱনযাত্ৰা ব্যাহত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷

Exit mobile version