Meidammeiphi Celebration in Delhiদিল্লীত টাই- আহোম সংস্থাৰ উদ্যোগত আয়োজিত “মে-ডাম্-মে-ফী”ৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

"টাই আহোমৰ পূৰ্বপুৰুষসকলৰ সুশাসন, সমতা আৰু সমন্বয়ৰ আদৰ্শক সাৰোগত কৰিপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বুকুত এক নতুন যুগৰ সূচনা কৰিছে": সোণোৱাল

sarbanandra main

Meidammeiphi Celebration in Delhi:

আজি “মে-ডাম্-মে-ফী”ৰ পৱিত্ৰ ক্ষণত দিল্লীত টাই আহোম সংস্থাৰ উদ্যোগত আয়োজিত বিশেষ অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰি টাই আহোমসকলৰ পুলিন-পুথাওসকললৈ সশ্রদ্ধ প্রণিপাত জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্রসংগত কয়, “টাই আহোমসকলৰ উপৰিপুৰুষ তথা মহান স্বৰ্গদেউসকলৰ শৌর্য-বীর্য, অদম্য সাহস, বীৰত্ব, অতুলনীয় স্বদেশপ্রেম আৰু সমন্বয়ৰ গাথাই বৃহত্তৰ অসমীয়া জাতিক উজ্জীৱিত কৰি আহিছে। তেখেতসকলে তাহানিতে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে দেশৰ হিতৰ বাবে সবল ভূমিকা লৈছিল।

তেখেতসকলৰ দূৰদৰ্শী নেতৃত্ব, কৰ্মৰাজি আৰু চিন্তাধাৰাত প্ৰতিফলিত হৈছিল স্বদেশৰ ৰূপান্তৰমুখী যোগাত্মক যাত্রা। সুশাসন, সমতা আৰু সমন্বয়ৰ মাজেৰে টাই আহোমসকলৰ পূৰ্বপুৰুষসকলে এই পুণ্যভূমি অসমক মহিমামণ্ডিত কৰিছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একেই আদর্শেৰে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’ৰ নীতি অৱলম্বন কৰি দেশৰ বুকুত সুশাসন, সমতা আৰু সমন্বয়ৰ এক নতুন যুগৰ সূচনা কৰিছে।

মোদীৰ সুশাসনৰ কার্যকালত স্থায়ী শান্তি আৰু সর্বাংগীণ উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ আশা-আকাংক্ষাই সর্বাধিক প্রাধান্য পাইছে। অমৃতকালত আমি সকলোৱে ঐক্যবদ্ধভাৱে যাতে এখন শক্তিশালী, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে বিকাশৰ যাত্ৰাত সক্রিয়ভাৱে অংশগ্রহণ কৰি দেশমাতৃৰ হকে নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ সকলোকে আহ্বান জনালোঁ।

দেশৰ বাবে, জাতিৰ বাবে সমর্পিতভাৱে কাম কৰি যোৱাৰ ক্ষেত্ৰত পূৰ্বপুৰুষসকলৰ অমিয়া আশীৰ্বাদ আমাৰ শিৰত সদায়েই অটুট থাকক আৰু আপোনালোকৰ জীৱনত অনাবিল সুখ-সমৃদ্ধিৰ সঞ্চাৰ হওক, তাৰেই কামনা কৰিলোঁ।”

অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংসদসকল তথা দিল্লীস্থিত অসমীয়া লোকসকলেও অংশগ্ৰহণ কৰে আৰু দেশ তথা ৰাজ্যৰ সৰ্বাংগীণ মংগল আৰু উত্তৰণ কামনাৰে পুলিন-পুথাওসকললৈ সেৱা-প্রার্থনা আগবঢ়ায়।

Exit mobile version