Smartphone Prices Will Fall:বাজেটৰ পূৰ্বে চৰকাৰৰ উপহাৰ !

হ্রাস পাব স্মার্টফোনৰ মূল্য

smartphone

Smartphone Prices Will Fall:

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰে বাজেট ২০২৪ৰ পূৰ্বে দেশৰ সাধাৰণ নাগৰিকক এক সকাহ দিলে। কেন্দ্ৰৰ চৰকাৰে যোৱা নিশা “ঘোষণা কৰা অনুসৰি, বিদেশৰ পৰা আমদানি কৰা ম’বাইল ফোনৰ বিভিন্ন সা-সঁজুলিৰ আমদানী শুল্ক পাঁচ শতাংশ হ্রাস কৰা হ’ল।

কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত ভাৰতত তৈয়াৰ কৰা ম’বাইল ফোনৰ যন্ত্রাংশ আমদানি ব্যয় হ্রাস পাব আৰু ইয়াৰ জৰিয়তে উপভোক্তাসকল উপকৃত হ’ব। কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে জাৰি কৰা এক জাননীত ‘উল্লেখ কৰা অনুসৰি ম’বাইল ফোনৰ যন্ত্রাংশৰ আমদানি শুল্কৰ পূৰ্বৰ ১৫ শতাংশৰ পৰিবর্তে ১০ শতাংশলৈ হ্রাস কৰা হ’ল।

ভাৰতত তৈয়াৰ কৰা সৰহসংখ্যক ম’বাইল ফোনৰ বাবে বিদেশৰ পৰা প্রয়োজনীয় যন্ত্রাংশ আমদানি কৰা হয়। যন্ত্রাংশৰ আমদানি শুল্ক হ্রাস কৰাৰ ফলত ভাৰতত তৈয়াৰী স্মার্টফোনৰ মূল্য হ্রাস পাব। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত স্মার্টফোনৰ মূল্য ১৫০০ টকালৈকে হ্রাস পোৱাৰ সম্ভাৱনা আছে ।

Exit mobile version