Central GST :
দেশত সামগ্রী আৰু সেৱা কৰ (জিএছটি) সংগ্ৰহৰ পৰিমাণ জানুৱাৰীত পুনৰ বৃদ্ধি পালে। কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে সদৰী কৰা তথ্যত উল্লেখ কৰা অনুসৰি, জানুৱাৰীত দেশত জিএছটি সংগ্ৰহৰ পৰিমাণৰ ১.৭২ লাখ কোটি টকাৰো অধিক হ’ল।
চলিত বিত্তীয় বর্ষত তৃতীয়টো মাহৰ বাবে জিএছটি সংগ্রহ ১.৭০ লাখ কোটি টকাৰ অধিক হ’ল। বিত্ত মন্ত্রণালয়ে আজি প্ৰকাশ কৰা অনুসৰি, জানুৱাৰীত জিএছটি সংগ্ৰহৰ পৰিমাণ বার্ষিক হিচাপত ১০.৪ শতাংশৰ অধিক আছিল।
জানুৱাৰী ২০২৪ত চৰকাৰে ১,৭২,১২৯ কোটি টকাৰ জিএছটি আহৰণ কৰিলে। ২০২৩ৰ জানুৱাৰীত কেন্দ্ৰৰ চৰকাৰে ১,৫৫,৯২২ কোটি, টকাৰ জিএছটি লাভ কৰিছিল।
