Chithila  Chankya Global School Opening:চিথিলাত চানক্য গ্লবেল স্কুল নামৰ এক ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ শুভ উদ্বোধন 

english medium school

Chithila  Chankya Global School Opening:

কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ  চিথিলাত আজি চানক্য গ্ল’বেল স্কুল নামৰ এখন ইংৰাজী মাধ্যমৰ স্কুলৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয় । চিথিলাৰ সমাজ সেৱক তথা প্ৰতিষ্ঠিত ব্যৱসায়ী সুকুমাৰ দেৱনাথৰ পৃষ্ঠপোষকতাত গঠন হোৱা চানক্য গ্লবেল নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ মুল গেটৰ ফিতা কাটি শুভ উদ্বোধন কৰে ডিপিঅ জাহাংহীৰ হুচেইনে ।

ইয়াৰ পিছত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ চেয়াৰমেন সুকুমাৰ দেৱনাথে । বিদ্যালয়ৰ পতাকা উত্তোলনৰ লগতে এক মুকলি সভা অনুষ্ঠিত হয়।

উক্ত সভাত উপস্থিত থাকে ডিপিঅ জাহাংগীৰ হুচেইন , চিথিলা উচ্চমাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয় বীৰেন্দ্ৰ ৰায় আৰু দ্বিজেন্দ্ৰ নাথ বৰ্মনৰ লগতে চি আৰ চি চি সুশান্ত ৰায় , শিক্ষক বিষ্ণু জ্যোতি ৰায় , বিষ্ণুপদ শীল শৰ্মা , ৰাজু কুমাৰ বৰ্মন , গুলজাৰ হুচেইনৰ লগতে চেয়াৰমেন সুকুমাৰ দেৱনাথো ।

বিদ্যালয় খন শুভ উদ্বোধন কৰি অধ্যক্ষ প্ৰকাশ ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই  বিদ্যালয়ত নাম ভৰ্তি কৰিলে ভৰ্তি মাছুল বিনামূলীয়া হোৱাৰ লগতে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ মাহেকীয়া মাছুলো ৰেহাই দিয়া হ’ব ।

Exit mobile version