CM Pressmeet In Guwahati:কাইলৈ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব মোদী, নেহেৰু ষ্টেডিয়ামক ফিফা পৰ্যায়ৰ ষ্টেডিয়ামৰ পৰা ৪৩ টা নতুন পথ প্ৰকল্পৰ শুভৰাম্ভ ,সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা

cm pressmeet

CM Pressmeet In Guwahati:

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমত প্ৰায় এঘাৰ হেজাৰ কোটি টকাৰ কে’বাটাও বৃহৎ প্ৰকল্পৰ শুভাৰম্ভ কৰিব ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিস্তৃত কাৰ্যসুচী সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

শুক্ৰবাৰে দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, পিএম পুঁজিৰ অধীনত কামাখ্যা কৰিডৰৰ শিলান্যাস কৰাৰ লগতে প্ৰায় ৪৩ টা পথ আৰু ৩৮ খন আৰ চিচি সেঁতুৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷

আনহাতে মহানগৰীৰ পাশ্বৱৰ্তী চন্দ্ৰপুৰত ভৱিষ্যতে নেচনেল গেমচ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে এখন আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়ামৰ শিলান্যাসৰ লগতে মহানগৰীৰ নেহৰু ষ্টেডিয়ামক ফিফা পৰ্যায়ৰ ষ্টেডিয়ামলৈ উন্নীত কৰাৰ লক্ষ্যৰে আধাৰশিলা স্থাপন কৰা হ’ব ৷ একেদৰে ভাচুৱেলি জিএমচিএইছৰ আন্ত:গাঠনি আৰু কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰো শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে আন কে’বাটাও উন্নয়নমূলক প্ৰকল্পৰো শুভাৰম্ভ কৰিব ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিবলগীয়া খানাপাৰা ভেটেৰনাৰী ফিল্ডত ৰাজ্য প্ৰশাসনে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷

দেওবাৰে দিনৰ ১১ বজাত খানাপাৰত এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ মোদীৰ ভ্ৰমণৰ পূৰ্বে খানাপাৰাত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷

উল্লেখ্য যে,দুদিনীয়া ভ্ৰমণসূচীৰে শণিবাৰে ৭.৩০ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিশাটো গুৱাহাটীত কটাই দেওবাৰে দিনৰ এঘাৰ বজাত খানাপাৰাত সম্বোধন কৰিব বিশাল ৰাজহুৱা সভাত

Exit mobile version