Koch-Rajbongshi National Student Union Pressrelease:ইতিহাস প্ৰসিদ্ধ কোচ ৰাজবংশীক জনজাতিকৰণ প্ৰদান কৰিলেহে প্ৰকৃতাৰ্থত অসম সুৰক্ষিত হব বুলি মন্তব্য ক্ৰানছুৰ

ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত নিপীড়িত,নিষ্পেষিত, শোষিত কোচ ৰাজবংশী জনগণৰ আৱেগৰ লগত ল'ৰা-ধেমালি নকৰিবলৈ চৰকাৰক  সকীয়াই দিয়ে

koj rajbongsi

Koch-Rajbongshi National Student Union Pressrelease:

কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই(ক্ৰানছু) ই আজি এক প্ৰেছ বিবৃতিযোগে  বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ শেহতীয়া ভূমিকাত ক্ষুণ্ন হৈ পৰিছে।

২০১৪ চনৰে পৰা বিজেপি চৰকাৰখনে কোচ ৰাজবংশীক জনজাতিকৰণ প্ৰদান কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি থকাৰ পিছতো কিন্তু এতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই বৰঞ্চ নানা অজুহাতৰ আশ্রয় লৈ কোচ ৰাজবংশীৰ জনজাতিকৰণত বাধা প্ৰদান কৰিবলৈহে উঠিপৰি লাগিছে বুলি মন্তব্য ক্ৰানছুৰ কেন্দ্রীয় সভাপতি হৃদয় কুমাৰ ৰায়ৰ।

যিহেতু এপ্রিল মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে তেনেস্থলত পুনৰাই কোচ ৰাজবংশীক জনগণক ভুৱা প্ৰতিশ্ৰুতি প্ৰদানেৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ ৰণনীতি চৰকাৰখনে প্ৰস্তুত কৰিব সেয়েহে কোচ ৰাজবংশী জনগণক চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি আৰু আশ্বাসত ভোল নাযাবলৈ আহ্বান জনায় সভাপতি হৃদয় কুমাৰ ৰায়ে। ক্ৰানছুয়ে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য উভয় চৰকাৰকে কেৱল নিজৰ ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত নিপীড়িত,নিষ্পেষিত, শোষিত কোচ ৰাজবংশী জনগণৰ আৱেগৰ লগত ল’ৰা-ধেমালি নকৰিবলৈ স্পষ্টভাৱে সকীয়াই দিয়ে।

ইয়াৰোপৰি ক্ৰানছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উমাপ্ৰসাদ বৰ্মণে চৰকাৰৰ আমন্ত্রণমৰ্মে শান্তি আলোচনাৰ মেজলৈ অহা কেএলঅ’ৰ লগতো এক প্ৰতাৰণা কৰা বুলি বিশ্বাস কৰে কিয়নো আজি ১ বছৰদিন উকলি যোৱাৰ পিছতো কোনোধৰণৰ শান্তি চুক্তি সম্পন্ন কৰা নহ’ল বৰঞ্চ শান্তি আলোচনাৰ প্ৰক্ৰিয়াটোৱেই স্থবিৰ হৈ পৰে তেনেস্থলত কোচ ৰাজবংশী জনগণ আৰু কোচ ৰাজবংশী দল-সংগঠনে কোন যুক্তিত এই চৰকাৰখনক বিশ্বাসত লব বুলি প্ৰশ্ন উত্থাপন কৰে ।

ইতিহাস প্ৰসিদ্ধ কোচ ৰাজবংশীক জনজাতিকৰণ প্ৰদান কৰিলেহে প্ৰকৃতাৰ্থত অসম সুৰক্ষিত হব অন্যথা চৰকাৰৰ জাতি, মাটি, ভেঁটি ৰক্ষাৰ যি শ্লোগান সেয়া বাস্তৱত কেতিয়াও ৰূপায়ণ নহব বুলি মন্তব্য ক্ৰানছুৰ কেন্দ্রীয় সভাপতি হৃদয় কুমাৰ ৰায়ৰ। গতিকে সময় থাকোঁতেই কোচ ৰাজবংশীক জনজাতিকৰণ প্ৰদান কৰি সঁচা অৰ্থত জাতি, মাটি, ভেঁটি ৰক্ষা কৰিবলৈ ক্ৰানছুয়ে চৰকাৰক আহ্বান জনায়।

Exit mobile version