oday Guwahati Visit PM Modi:নিৰ্বাচনৰ প্ৰাকক্ষণত আজি নিশা গুৱাহাটীত মোদী

কটাব কইনাধৰা অতিথিশালাত, সন্ধিয়া বিজেপি নীতি-নিৰ্ধাৰণ সমিতিৰে বৈঠক ল'ব অংশগ্ৰহণ, কাইলৈ বন্ধ থাকিব বেলতলা বজাৰ, প্ৰধানমন্ত্ৰী গুৱাহাটী ভ্ৰমণক লৈ এই সিদ্ধান্ত, প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণক লৈ যান-বাহন চলাচলত নতুন নির্দেশনা

pm modi

Today Guwahati Visit PM Modi:

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দুদিনীয়া ভ্রমণসূচীৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী। সন্ধিয়া ৭- ৩০ বজাত প্রধানমন্ত্রীয়ে বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানকোঠত অৱতৰণ কৰাৰ পাছত গুৱাহাটীৰ মাজেৰে পোনে পোনে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত উপস্থিত হ’ব।

আনহাতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ বিশেষভাৱে জাৰি কৰা হৈছে পথ নির্দেশনা। যান-বাহন চলাচলত শনিবাৰ-দেওবাৰৰ বাবে গুৱাহাটী ট্ৰেফিক পুলিচে নতুন নির্দেশনা জাৰি কৰে ৷

সেই অনুসৰি মহানগৰীৰ সদাব্যস্ত ২৭, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া, বাণিজ্যিক বাহন চলাচলত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

আনহাতে বিয়লী দুই বজাৰ পৰা নিশা ১১ বজালৈ গধুৰ বাহন চলাচলত বাধাৰোপ কৰা হৈছে ৷ ইপিনে, দেওবাৰে বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ গধুৰ বাহন চলাচলতো নিষেধাজ্ঞা বাহাল থাকিব ।

একেদৰে জি এছ ৰোড, পাঞ্জাবাৰী, বি বৰুৱা ৰোডতো নিষেধাজ্ঞা জাৰি কৰাৰ লগতে জিএনবি ৰোড, এমজি ৰোড, ডিজি ৰোড, এ,টি ৰোডতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

আনহাতে গুৱাহাটী মহানগৰ প্ৰশাসনে দেওবাৰৰ দিনটোত বেলতলা বজাৰ সাময়িকভাবে বন্ধ ঘোষণা কৰাৰ লগতে বেলতলা বজাৰ ৰোড, বেলতলা-বশিষ্ঠ ৰোড দেওবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধ কৰা হৈছে ৷

ইপিনে, যান-বাহনৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি চলিব পাৰিব এএছটিচি , চিটী বাছ। অৱশ্যে জৰুৰীকালীন বাহনৰ চলাচলৰ ক্ষেত্ৰত কোনো বাধা-নিষেধ কৰা হোৱা নাই বুলি চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে ৷

Exit mobile version