Champai Soren wins Jharkhand Vote of Confidence:প্ৰত্যাশিতভাৱেই ঝাৰখণ্ডৰ আস্থাভোটত জয়ী চম্পাই চোৰেন

৪৭ জন বিধায়কৰ সমৰ্থন লাভ, বিৰোধীৰ পক্ষত ২৯ বিধায়কৰ ভোট

soren

Champai Soren wins Jharkhand Vote of Confidence:

অৱশেষত প্ৰত্যাশিতভাৱেই আস্থাভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই চোৰেনে | চোৰেনে ৪৭টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীৰ পক্ষত ভোট পৰিল ২৯ জনৰ ৷

উল্লেখ্য যে,ঝাৰখণ্ড বিধানসভাৰ মুঠ আসনৰ সংখ্যা হ’ল ৮১খন। মেজিক নম্বৰ ৪১ ৷ আজি চোৰেনে লাভ আস্থা ভোটৰ নিৰ্ধাৰিত ৪১তকৈ ছটা ভোট বেছি লাভ কৰি চৰকাৰৰ স্থায়ীত্ব নিশ্চিত কৰে ৷সদনত জেএম এম,আৰজেডি আৰু কংগ্ৰেছৰ ,চিপিআই (এমএল)ৰ এজনসহ মিত্ৰজোঁটৰ মুঠ ৪৭ জন ৷

আনহাতে বিৰোধীৰ পক্ষৰ বিজেপিৰ ২৫,সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ তিনিজন বিধায়ক আৰু নিৰ্দলীয়ৰ এজন ৷

সোমবাৰে পূৰ্ব নিৰ্ধাৰিতমৰ্মেই ঝাৰখণ্ড বিধানসভাৰ অধ্যক্ষই আস্থা ভোট গ্ৰহণ কৰি সদনত প্ৰথমে মুখ্যমন্ত্ৰী চোৰেনৰ পক্ষত থকা বিধায়ক সকলক থিয় হৈ নিজৰ সমৰ্থন প্ৰকাশ কৰিবলৈ কোৱা হয় ৷ সেই অনুসৰি চোৰেনৰ সমৰ্থনত থিয় দিয়ে ৪৭ জন বিধায়কে ৷

ইয়াৰ পিছতে একেদৰে অনাস্থা প্ৰকাশ কৰা বিধায়ক সকলক থিয় হ’বলৈ কোৱাত মাত্ৰ ২৯ জন বিধায়ক থিয় হয় ৷ ইয়াৰ পাছতে অধ্যক্ষই চম্পাই চোৰেন আস্থাভোটত জয়ী হোৱাৰ কথা ঘোষণা কৰে ৷

মনকৰিবলগীয়া যে,ইতিমধ্যে ইডিৰ জিন্মাত থকা তদানীন্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেন সদনত উপস্থিত থাকি মিত্ৰজোঁটৰ পক্ষত ভোট দিয়ে ৷

উল্লেখযোগ্য,খনিজ আৰু ভূমি জালিয়াতিৰ গোচৰত ইডিয়ে হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰাৰ পিছতে ঝাৰখণ্ড জেএম এম নেতৃত্বাধীন মিত্ৰজোঁটে ততাতৈয়াকৈ বিধায়িনী বৈঠক অনুষ্ঠিত কৰি হেমন্ত চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চম্পাই চোৰেনক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে ৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে চম্পাই চোৰেনে ৰাজভৱনলৈ গৈ নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াই ৷

শুক্ৰবাৰে ৰাজভৱনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে চম্পাই চোৰেন সহ কে’বাজনো মিত্ৰজোঁটৰ মন্ত্ৰীয়ে ৷ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শপত গ্ৰহণ কাৰ্য সম্পাদনৰ পিছতে নতুন চৰকাৰক ১০ দিনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিবলৈ নির্দেশ দিয়ে ৷

সেই অনুসৰি আজি চম্পাই চোৰেনে ঝাৰখণ্ড বিধানসভাত আস্থাভোটত অংশগ্ৰহণ কৰি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হয় ৷

Exit mobile version