Controversial Post About Ram Temple:
ৰাম মন্দিৰ প্ৰসংগত সামাজিক মাধ্যমত বিতর্কিত মন্তব্য প্রকাশৰ কাৰণত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মণিশংকৰ আয়াৰৰ কন্যা সুৰন্যা আয়াৰৰ বিৰুদ্ধে দিল্লীৰ চাইবাৰ ক্রাইম থানাত লিখিত অভিযোগ দাখিল কৰিলে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপি নেতা অজয় আগৰৱালে।
ADVERTISEMENT
আগৰৱালৰ অভিযোগ অনুসৰি যোৱা ২০ জানুৱাৰীত নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত ৰাম মন্দিৰ মুকলিৰ সন্দৰ্ভত আপত্তিকৰ মন্তব্য কৰিছিল সুৰন্যাই।
পৰৱৰ্তী সময়তো ফে’চবুক, ইউটিউবসহ অন্যান্য সামাজিক মাধ্যমতো আপত্তিকৰ মন্তব্য প্রকাশ কৰাৰ অভিযোেগ সুৰন্যাৰ বিৰুদ্ধে উত্থাপন হৈছে। ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (এ)সহ অন্যান্য একাধিক ধাৰাত সুৰন্যাৰ বিৰুদ্ধে অধিবক্তাজনে থানাত গোচৰ তৰিলে।