Kamal Kumar Medhi Joins BJP:গেৰুৱা বসন পিন্ধিলে কমল কুমাৰ মেধিয়ে

বিজেপিত যোগদান ছিপাঝাৰৰ কংগ্ৰেছৰ নেতা কুলদীপ বৰুৱাৰ

kamal medhi

Kamal Kumar Medhi Joins BJP:

দলবাগৰাত সিদ্ধগ্ৰস্ত কমল কুমাৰ মেধিয়ে আজি পিন্ধিলে গেৰুৱাবসন ৷ আজি বিজেপিত যোগদান কৰে মেধি সহ । ছিপাঝাৰৰত বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী তথা কংগ্ৰেছ নেতা কুলদীপ বৰুৱাৰো যোগদান কৰে বিজেপিত ৷

ADVERTISEMENT

উল্লেখ্য যে,লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত ইজনৰ পাছত সিজনকৈ কংগ্ৰেছ সহ আন আন ৰাজনৈতিক দলৰ নেতাৰ সোঁত বৈছে বিজেপিলৈ

শাসনাধিষ্ঠ দলটোৱে নিৰ্বাচনৰ পূৰ্বে ব্যাপক যোগদান কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে মহানগৰীৰ বশিষ্ঠস্থ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰে কমল কুমাৰ মেধি সহ ছিপাঝাৰৰ কংগ্ৰেছৰ নেতা কুলদীপ বৰুৱাই ৷

যোগদান কাৰ্যসুচীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ,মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়কত্ৰয় প্ৰশান্ত ফুকন, পৰামনন্দ ৰাজবংশী, মানৱ ডেকা উপস্থিত থাকে ৷

Exit mobile version