Children Cannot Be Used in Election Campaigns:নিৰ্বাচনী প্ৰচাৰ-ৰেলীত ব্যৱহাৰ কৰিব নোৱাৰিব শিশুক

নির্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনাৱলী, নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰত ৰাখিব লাগিব শিশুক

eci

Children Cannot Be Used in Election Campaigns:

লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ নির্বাচন আয়োগে ৰাজনৈতিক দললৈ এক কঠোৰ নির্দেশনা জাৰি কৰিলে। আয়োগৰ নির্দেশনা অনুসৰি, ৰাজনৈতিক দলসমূহে আসন্ন নির্বাচনত প’ষ্টাৰ আৰু অন্যান্য প্ৰচাৰৰ কাম-কাজত কোনো শিশুক ব্যৱহাৰ কৰিব নোৱাৰিব।

ৰাজনৈতিক দললৈ প্ৰেৰণ কৰা পৰামর্শত নির্বাচন আয়োগে দল আৰু প্ৰাৰ্থীৰ হৈ নিৰ্বাচনৰ প্ৰক্ৰিয়া কোনো ধৰণৰ শিশুক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে। নিৰ্বাচনৰ প্ৰচাৰৰ কাম-কাজত শিশুক ব্যৱহাৰ কৰিলে সেয়া কোনোপধ্যে আয়োগে সহ্য নকৰিব বুলিও নির্দেশনাত উল্লেখ কৰিছে।

আয়োগে এক নির্দেশনাত কয় যে নিৰ্বাচনৰ কাম-কাজত নেতা আৰু নিৰ্বাচনৰ প্ৰাৰ্থীয়ে শিশুক ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো ৰাজনৈতিক নেতা-কর্মীয়ে নিৰ্বাচনৰ সময়ত প্ৰচাৰ কাৰ্য শিশুক কোলাত লোৱা, বাহনত উঠাই লোৱা অথবা ৰেলীত অংশগ্ৰহণ কৰোৱা কাৰ্যক এতিয়াৰে পৰা অবৈধ গণ্য কৰা হ’ব।

আয়োগে এক বিবৃতিত এইদৰে ক’লে, ‘যিকোনো ধৰণৰ ৰাজনৈতিক প্ৰচাৰ অভিযানত শিশুক ব্যৱহাৰ কৰাটো নিষিদ্ধ। শিশুৰ জৰিয়তে নির্বাচনত কবিতা পাঠ, গীত পৰিবেশন, ভাষণ দিয়া বা ৰাজনৈতিক দল অথবা প্ৰাৰ্থীৰ প্রতীক প্ৰদৰ্শন কৰাটো এতিয়াৰে পৰা অবৈধ বিবেচিত হ’ব।

এনে কার্যত লিপ্ত হোৱাৰ অভিযোগ কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ বিৰুদ্ধে উত্থাপিত হ’লে আয়োগে আইন অনুসৰি তেনে প্রার্থী বা ৰাজনৈতিক দলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব।’ অৱশ্যে আয়োগে নির্দেশনাত লগতে কয় যে যদি কোনো নেতাই ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰত অংশ নলয় আৰু কোনো শিশুৱে পিতৃ-মাতৃ বা অভিভাৱক স’তে তেওঁৰ কাষত উপস্থিত থাকে, তেন্তে উক্ত পৰিস্থিতিত সেয়া অপৰাধ হিচাপে গণ্য কৰা নহ’ব।

দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এই কথা সদৰী কৰি কয় যে দেশৰ নিৰ্বাচন ব্যৱস্থাক অধিক স্বচ্ছ কৰাৰ লক্ষ্যৰে আয়োগে এই সিদ্ধান্ত গ্রহণ কৰিছে। আসন্ন লোকসভাৰ নিৰ্বাচনত সকলো ৰাজনৈতিক দলক নির্বাচনী প্ৰচাৰত শিশুক ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই আয়োগে কয় যে যদিহে কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে এই নিয়ম উলংঘন কৰে, তেন্তে তেনে প্ৰাৰ্থীৰ বিৰুদ্ধে শিশু শ্রম নিষিদ্ধ আইনৰ অধীনত প্রয়োজনীয় ব্যবস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে নির্বাচনত একাংশ ৰাজনৈতিক দল আৰু নেতাই প্ৰচাৰত সময়ে সময়ে শিশুক ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ ভোটদাতাৰ মাজত আবেগ সৃষ্টিৰ লক্ষ্যৰে একাংশ প্রার্থীয়ে নিৰ্বাচনৰ প্ৰচাৰত শিশুক নিয়োগ কৰা দেখা যায়। এই বিষয়ত লাভ কৰা একাধিক অভিযোগৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে আসন্ন লোকসভাৰ নির্বাচনত শিশুক নিৰ্বাচনৰ প্ৰচাৰত নিয়োগত নিষেধাজ্ঞা আৰোপৰ সিদ্ধান্ত ল’লে।

Exit mobile version