Guwahati Redisson Blu Murder : মহানগৰীৰ পঞ্চতাৰকা হোটেলত চাঞ্চল্যকৰ হত্যাকাণ্ড

বহি:ৰাজ্যৰ ব্যৱসায়ীক হত্যা ক'লকাতাৰ প্ৰেমিক- প্ৰেমিকাৰ, বিমানবন্দৰলৈ যোৱা পথত আজাৰাত গ্ৰেপ্তাৰ প্ৰেমিক- প্ৰেমিকা

redition blue 1

Guwahati Redisson Blu Murder :

মহানগৰীৰ পঞ্চতাৰকা হোটেলত চাঞ্চল্যকৰ ঘটনা ৷ বহি:ৰাজ্যৰ ব্যৱসায়ী যুৱকক প্ৰেমিকা- প্ৰেমিকাই হোটেলৰ কোঠাত অচেতন কৰি হত্যা কৰে ৷ লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰি বিমানবন্দৰলৈ গৈ থকা পথত আজৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই প্ৰেমিক – প্ৰেমিকাক ৷

পঞ্চতাৰকা হোটেল ৰেডিশ্বন ব্লু’ৰ নৱম মহলাৰ ৯০২নম্বৰ বন্ধ কোঠাত সংঘটিত হয় এই ঘটনা ৷ হত্যাকাণ্ডৰ বলি হোৱা যুৱকজন মহাৰাষ্ট্ৰৰ পুনেৰ এজন ব্যৱসায়ী ৷ নাম সন্দীপ কাম্বলে ৷

উল্লেখ্য যে, আৰক্ষীৰ জালত পৰা যুৱক- যুৱতীদ্বয় হ’ল কল’কাতাৰ অঞ্জলে শ্ব’ আৰু বিকাশ শ্ব’৷ অঞ্জলী শ্ব’ আছিল সন্দীপ কাম্বলেৰ প্ৰেমিকা ৷ জানিব পৰা মতে আটকাধীন দুয়ো নিজৰ নামত হোটেলৰ কোঠা বুক কৰিছিল ৷ আৰু এই কোঠালৈ মাতি আনিছিল সন্দীপক ৷ তাতে গোপনে লাডুত ভাং আৰু টোপনি অহা দৰব মিলাই খাবলৈ দিয়া হয় সন্দীপক ৷

পাছত কথা- বতৰা চলি থকাৰ মাজতে সন্দীপৰ স’তে অঞ্জলী- বিকাশৰ হতাহতি হয় ৷ এই হতাহতিৰ মাজত সন্দীপ মজিয়াত পৰি মুৰফাটি প্ৰচুৰ ৰক্তক্ষৰণ হয় ৷ হঠাতে হোৱা এই ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ দুয়োয়ে সন্দীপৰ হাত- ভৰি গামোচাৰে বান্ধি হোটেলৰ পৰা ওলাই আহি বৰঝাৰ বিমানবন্দৰলৈ ৰাওনা হয় ৷

ইতিমধ্যে হোটেলৰ ওৱেটাৰে কোঠালীলৈ কিবা অৰ্ডাৰ ল’বলৈ আহোতেই কোঠালীৰ মজিয়াত তেজেৰে তুমৰলি হৈ পৰি থকা সন্দীপক দেখি হুৱাদুৱা লাগে ৷
হোটেল কৰ্তৃপক্ষই ততাতৈয়াকৈ সমস্ত বিষয়টো গুৱাহাটী আৰক্ষী কমিচনাৰৰ দৃষ্টিগোচৰ কৰে ৷ আৰক্ষীয়ে প্ৰেমিক যুগলৰ ম’বাইল নম্বৰ হোটেলৰ ৰেজিষ্টাৰৰ পৰা সংগ্ৰহ কৰি জিপিএছ ট্ৰেকৰ জৰিয়তে কৰি আজাৰাত আটক কৰে ৷

ইতিমধ্যে,ৰেডিশ্বন ব্লু’ত আৰক্ষী, চিআইডি, ফৰেনচিকৰ দল উপস্থিত হৈ নৱম মহলাৰ পৰা মহানগৰ আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে।

মন কৰিবলগীয়া যে, পূৰ্বৰ প্ৰেমিকক গুৱাহাটীলৈ মাতি আনি প্ৰেমিক যুগলে মিলি হত্যা কৰাৰ কথা আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত সন্দেহ কৰিছে ৷

অভিযুক্ত প্ৰেমিক যুগলে কিয় যুৱতী গৰাকীৰ পূৰ্বৰ প্ৰেমিকক কলকাতাৰ পৰা গুৱাহাটীলৈ আনি এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে আৰক্ষীৰ ক্ষীপ্ৰ তদন্তহে উন্মোচিত কৰিব ঘটনাৰ সকলো দিশ ।

উল্লেখ্য যে, ৰেডিচন ব্লুত মাত্র ১৫ মিনিটৰ বাবে সংশ্লিষ্ট কোঠালিটোত আছিল সন্দীপ ৷ সন্দীপৰ হাতত আছিল অঞ্জলি শ্ব’ৰ বহু অন্তৰংগ মুহূৰ্তৰ গোপন ফটো। যিবোৰ ফটোৰ জৰিয়তে সন্দিপে বিভিন্ন সময়ত অঞ্জলিক ব্লেকমেইল কৰি আছিল বুলি জানিব পৰা গৈছে ৷

আনহাতে ফটো বিচাৰি সন্দীপক পুনেৰ পৰা আহিবলৈ যোগাযোগ কৰিছিল অঞ্জলিয়ে। কিন্তু কলকাতালৈ আহিবলৈ অমান্তি হৈছিল সন্দীপ। দেওবাৰে তিনিও একেখন বিমানতে কলকতাৰ পৰা গুৱাহাটীলৈ আহিছিল ৷

আনহাতে আজাৰা থানাত আটকাধীন প্ৰেমিক যুগলক আৰক্ষীৰ শীৰ্ষ বিষয়াই মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

ইপিনে, ৰেডিশ্বন ব্লু’ৰ লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

সংবাদমেলত আৰক্ষী আয়ুক্ত গৰাকীয়ে সমস্ত ঘটনাৱলী আৰু অভিযুক্ত আটক কৰাৰ সামগ্ৰিক বিৱৰণ সংবাদমেলত দাঙি ধৰে ৷

Exit mobile version