Number Of Animals In The Manas National Park Has Increased:মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা

কেমেৰা ট্রেপিঙত বন্দী বাঘ আৰু দুষ্প্রাপ্য ফুটুকী হৰিণৰ মুক্ত বিচৰণৰ নান্দনিক দৃশ্য

manas

Number Of Animals In The Manas National Park Has Increased:

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলি আছে বার্ষিক বাঘ গণনা প্রক্রিয়া। মানাহ ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ দ্বাৰা কেমেৰা ট্রেপিঙৰ জৰিয়তে চলিছে এই প্রক্রিয়া।

ADVERTISEMENT

২৫ ডিচেম্বৰৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ মানাহত চলি আছে বাঘ গণনা প্রক্রিয়া। তাৰ মাজতে মানাহলৈ আহিছে সুখবৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা।

কেমেৰা ট্রেপিঙত বন্দী হৈছে বাঘ আৰু দুষ্প্রাপ্য ফুটুকী হৰিণৰ মুক্ত বিচৰণৰ নান্দনিক দৃশ্য। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে মানাহৰ ভূঞাপাৰা ৰেঞ্জত দেখিবলৈ পোৱা গৈছে ফুটুকী হৰিণৰ মুক্ত বিচৰণৰ নান্দনিক দৃশ্য।

আনহাতে, ৰাষ্ট্ৰীয় উদ্যানত যোৱা বৰ্ষত কেমেৰা ট্রেপিঙৰ জৰিয়তে ৫৭ টা ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা নির্ধাৰণ কৰা হৈছিল। কিন্তু এই বৰ্ষত পূৰ্বৰ তুলনাত যথেষ্টভাৱে বাঘৰ সংখ্যা বৃদ্ধি পাব বুলি আশাবাদী মানাহ ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ।

Exit mobile version