Yogi Government Has a Budget Of Rs 2,600 Crore For Mahakumbh:মহাকুম্ভ ২০২৫ৰ বাবে ২৬০০ কোটি টকাৰ বাজেট যোগী চৰকাৰৰ

mahakumbha

Yogi Government Has a Budget Of Rs 2,600 Crore For Mahakumbh:

উত্তৰ প্ৰদেশ চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিলে। যোগী আদিত্যনাথৰ চৰকাৰে অহা বছৰত ৰাজ্যখনত অনুষ্ঠিত হ’ব লগা মহাকুম্ভ মেলাৰ বাবে ২৬০০ কোটি টকাৰ বাজেটৰ প্ৰস্তাৱ আগবঢ়ালে।

অযোধ্যাৰ বিকাশৰ বাবে বাজেটত বিশেষ প্রস্তাৱ গ্রহণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ বিত্তমন্ত্রী সুৰেশ কুমাৰ খান্নাই বিধানসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্রস্তাবিত বাজেট দাখিল কৰি ঘোষণা কৰা অনুসৰি, মহাকুম্ভ ২০২৫ৰ আয়োজনৰ বাৰে নগৰ বিকাশ বিভাগক ২৫০০ কোটি টকা আৰু সাংস্কৃতিক বিভাগক ১০০ কোটি টকাৰ পুঁজিৰ যোগান ধৰা হ’ব।

Exit mobile version