Akhil Gogoi:
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনাও সদনৰ মজিয়াত সৃষ্টি হয় হুলস্থুলীয়া পৰিস্থিতি ৷ চুবুৰীয়া ৰাজ্যক অসমৰ ভূমি প্ৰদানক লৈ সদনৰ মজিয়া উত্তাল কৰি তোলে বিধায়ক অখিল গগৈয়ে ৷
ADVERTISEMENT
আনকি অখিল গগৈৰ প্ৰশ্নবাণত বাৰে বাৰে থমকি ৰ’বলগীয়া হয় সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা ৷ দুয়োজনৰ মাজত উল্লিখিত বিষয়ক লৈ কথাৰ কটাকটি হয় ৷
উল্লেখ্য যে,অখিল গগৈয়ে সীমা বিবাদ মীমাংসা কৰিবলৈ অসম চৰকাৰে মেঘালয়ক অসমৰ সাংবিধানিক সীমাৰ ভিতৰৰ কিমান ভূমি এৰি দিব খুজিছে আৰু অসমে কিমান ভূমি লাভ কৰিছে তাৰ বিতং প্ৰশ্নত্তোৰত মন্ত্ৰী বৰাই সদনত লিখিতভাৱে উল্লেখ কৰে ৷ কিন্ত মন্ত্ৰীৰ প্ৰশ্নোত্তৰত সন্তুষ্ট নহৈ প্ৰকৃত তথ্য দাঙি ধৰিবলৈ কোৱাত মন্ত্ৰী বৰা গৰজি উঠি অখিল গগৈক ‘অতৃপ্ত আত্মা‘ আখ্যা দিয়ে ৷