Ayodhya Administration Has Banned The Sale Of Non-Vegetarian Items in a 15 km Area Around The Ram Temple:
অযোধ্যাত ব্যৱসায় আৰম্ভ কৰাৰ বাবে অনুমতি দিয়া হৈছে বিভিন্ন ৰেস্তোৰাঁত। কিন্তু ৰাম মন্দিৰৰ আশে- পাশে ৰেস্তোৰা মুকলি কৰিলেও এনে বিপণীত আমিষ খাদ্য বিক্রী কৰিব নোৱাৰিব।
ADVERTISEMENT
এই নির্দেশনা জাৰি কৰিলে অযোধ্যাৰ জিলা প্রশাসনে। ৰাম মন্দিৰৰ সমীপত কেৱল নিৰামিষ খাদ্যহে বিক্ৰীৰ অনুমতি দিয়া হৈছে। প্রশাসনে জনোৱা অনুসৰি ৰাম মন্দিৰৰ ১৫ কিলোমিটাৰ ব্যাসার্ধত এই নির্দেশনা কার্যকৰী কৰা হ’ব।
অযোধ্যাৰ আন অঞ্চলত আমিষ খাদ্য আৰু সুৰা বিক্ৰীৰ ক্ষেত্ৰত কোনো বাধা নিষেধ প্রযোজ্য নহ’ব। প্রশাসনৰ এই নির্দেশনাৰ পাছত ৰাম মন্দিৰৰ আশে-পাশে থকা বিদেশী বিভিন্ন ৰেস্তোৰাৰ স্বত্বাধিকাৰীসকল বিমোৰত পৰিছে, কিয়নো এইসমূহ ৰেস্তোৰাঁ মূলতঃ আমিষ খাদ্যৰ বাবে বিখ্যাত।