Chaparmukh Police Seized Drugs With Paddlar Arrested:নগাঁৱৰ চাপৰমুখত আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ সহ ছয় সৰবৰাহকাৰীক

drugs

Chaparmukh Police Seized Drugs With Paddlar Arrested:

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে কঠোৰ স্থিতি লৈ থকাৰ মাজতে বুধবাৰে নিশা আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ সহ ছয় সৰবৰাহকাৰী আটক ৷

ধৃত সৰবৰাহকাৰী কেইটাই ১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ ডিমাপুৰৰ পৰা ৰে’লযোগে সৰবৰাহ কৰিছিল আৰু চাপৰমুখ ৰে’ল জংচনত নামি এখন অ’টৰে যাবলৈ লওঁতেই পূৰ্বৰে পৰা খাপ পিটি ৰৈ থকা চাপৰমুখ আৰক্ষীয়ে আটক কৰে ৷

আটকাধীন ছয় ড্ৰাগছ সৰবৰাহকাৰী হ’ল নুৰুল হক, নুৰ ইছলাম আৰু ছাহেদ আলী,তাইজু ইছলাম, ইক্ৰামুল হুছেইন, আতাবুৰ ৰহমান ৷ আটাইৰে ঘৰ নগাঁৱৰ বটদ্ৰৱা, মৈৰাবাৰী আৰু মৰিগাঁৱৰ মিকিৰভেটাত।

Exit mobile version