Education Department is Strict on Teachers’ Dress Code:শিক্ষয়িত্ৰীৰ পোছাকক লৈ কঠোৰ শিক্ষা বিভাগ

শিক্ষয়িত্ৰীক মানসিক নিৰ্যাতন চলোৱা শিক্ষকৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ, বিদ্যালয় পৰিদৰ্শকৰ ওচৰত অভিযোগ দাখিলৰ নির্দেশ শিক্ষয়িত্রীক

classroom

Education Department is Strict on Teachers’ Dress Code:

শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষয়িত্ৰীৰ পোছাকক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে । পৰম্পৰাগত সাজ-পোছাক পৰিধানত শিক্ষয়িত্ৰীক বাধা দিছিল প্ৰধান শিক্ষকে।

ADVERTISEMENT

একেদৰে পোচাকক লৈ শিক্ষয়িত্ৰীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উদ্থাপন হৈছিল একাংশ শিক্ষকৰ বিৰুদ্ধে ৷ এই কাৰ্যৰ বিৰুদ্ধে তৎপৰ হৈ ৰাজ্যৰ শিক্ষা বিভাগে এনেবোৰ কাৰ্যৰে জড়িত শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰজু কৰাৰ হুংকাৰ দিয়ে ৷

এতিয়াৰ পৰা পৰম্পৰাগত সাজ-পোছাক পৰিধানত শিক্ষয়িত্ৰীক বাধা দিয়া আৰু মানসিক নিৰ্যাতন চলোৱা শিক্ষক – প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় পৰিদৰ্শকৰ ওচৰত ভূক্তভোগী শিক্ষয়িত্ৰীক অভিযোগ দাখিলৰ নিৰ্দেশ মাধ্যমিক শিক্ষা বিভাগৰ

Exit mobile version