Education Department is Strict on Teachers’ Dress Code:
শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষয়িত্ৰীৰ পোছাকক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে । পৰম্পৰাগত সাজ-পোছাক পৰিধানত শিক্ষয়িত্ৰীক বাধা দিছিল প্ৰধান শিক্ষকে।
ADVERTISEMENT
একেদৰে পোচাকক লৈ শিক্ষয়িত্ৰীক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উদ্থাপন হৈছিল একাংশ শিক্ষকৰ বিৰুদ্ধে ৷ এই কাৰ্যৰ বিৰুদ্ধে তৎপৰ হৈ ৰাজ্যৰ শিক্ষা বিভাগে এনেবোৰ কাৰ্যৰে জড়িত শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰজু কৰাৰ হুংকাৰ দিয়ে ৷
এতিয়াৰ পৰা পৰম্পৰাগত সাজ-পোছাক পৰিধানত শিক্ষয়িত্ৰীক বাধা দিয়া আৰু মানসিক নিৰ্যাতন চলোৱা শিক্ষক – প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় পৰিদৰ্শকৰ ওচৰত ভূক্তভোগী শিক্ষয়িত্ৰীক অভিযোগ দাখিলৰ নিৰ্দেশ মাধ্যমিক শিক্ষা বিভাগৰ ৷