Assam Asembly Five Day:আশা কৰ্মীৰ ৬০ বছৰ পাছত লাভ কৰিব পেঞ্চনৰ সুবিধা হিচাপে এককালীন সাহায্য:স্বাস্থ্যমন্ত্ৰী

keshab mahanta

Assam Asembly Five Day:

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি পঞ্চমদিন ৷ সদনৰ প্ৰশ্নোত্তৰ কালত শাসক-বিৰোধীৰ কে’বাগৰাকী বিধায়ককে আশাকৰ্মীৰ পাৰিতোষিক আৰু ৰাজ্যত এইডছত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ পৰা সুদত্তৰ বিচাৰে ৷

এই দুয়োটা প্ৰশ্নোত্তৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সদনত সদৰি কৰে যে এতিয়াৰে পৰা স্বাস্থ্য বীমাৰ অন্তৰ্ভুক্ত হ’ব আশা কৰ্মী ৷ ৬০ বছৰ পাছত আশা কৰ্মীয়ে লাভ কৰিব পেঞ্চনৰ সুবিধা হিচাপে এককালীন সাহায্য ৷

আনহাতে এইডছত আক্ৰান্ত সন্দৰ্ভত কংগ্ৰেছৰ শিৱামণি বৰাই সোধা এক প্ৰশ্নত্তোৰত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যত বৃদ্ধি পাইছে এইডছত আক্ৰান্তৰ সংখ্যা |ৰাজ্যত ৩১,৭২৯ গৰাকী এইডছ আক্ৰান্তক চিনাক্ত কৰা হৈছে ৷

Exit mobile version