Assembly Speech Industry Minister Bimal Bora:নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ পুনৰুজ্জীৱিত কৰাৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ

সদনত সদৰি  উদ্যোগ মন্ত্ৰীৰ

bimal bora

Assembly Speech Industry Minister Bimal Bora:

অসম বিধানসভাৰ আজি দিনটোৰ কাৰ্যক্ৰমণিকাৰ সদনৰ শূন্যকালীন ঘণ্টাত শাসক-বিৰোধীৰ কে’বা গৰাকী বিধায়ক কাছাৰ – নগাঁও কাগজ কল সন্দৰ্ভত সোধা প্ৰশ্নত উদ্যোগমন্ত্ৰী বিমল বৰাই সদৰি কৰে যে নগাঁও আৰু কাছাৰ কাগজ কলপুনৰুজ্জীৱিত কৰাৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ৷

আনহাতে নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ হোৱাৰ পিছত কৰ্মহীন হৈ পৰা কাগজ কলৰ বিষয়া- কৰ্মচাৰী সকলক ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কৰ্মচাৰীক প্ৰদান কৰিলে ৭৫৮.৭৫ কোটি টকা ৷

ইতিমধ্যে এই ধন লাভ কৰা কৰ্মচাৰীয়ে কাগজ কল চৌহদৰ আবাস ত্যাগ কৰি গৃহাভিমুখী হয় ৷ একেদৰে কাগজ কলৰ বিষয়া- কৰ্মচাৰীৰ যোগ্যতাসম্পন্ন শতাধিক সন্তানক ৰাজ্য চৰকাৰে বিভিন্ন চৰকাৰী বিভাগত নিয়োজিত কৰিছে বুলি সদনক অৱগত কৰে উদ্যোগ মন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version