China Women earn Rs 120 crore a week by making just three seconds of videos:মাত্র তিনি ছেকেণ্ডৰ ভিডিঅ’ প্ৰস্তুতৰে সপ্তাহত ১২০ কোটি টকা উপার্জন মহিলাৰ

china

China Women earn Rs 120 crore a week by making just three seconds of videos:

সমগ্র বিশ্বৰ জনপ্রিয় ডিজিটেল ক্রিয়েটৰৰ অন্যতম এগৰাকী হৈছে ঝেং ঝিয়াং ঝিয়াং। চীনৰ বাসিন্দা ঝেং সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে অতি পৰিচিত। চীনা সামাজিক মাধ্যমত ভিডিঅ’ আপলোড কৰি ঝেঙে সপ্তাহত ১২০ কোটি টকা উপার্জন কৰি আহিছে।

অবিশ্বাস্য যেন লাগিলেও সত্য। বিশ্বজুৰি লাখ লাখ মানুহে প্রতিদিন অনলাইনত ভিডিঅ’ তৈয়াৰ কৰে আৰু সেইসমূহ ভিডিঅ’ ইউটিউব, ইনষ্টাগ্রাম, ফে’চবুক আদিৰ দৰে জনপ্রিয় সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি আহিছে। এই ধৰণৰ ভিডিঅ’ তৈয়াৰৰ জৰিয়তে ভিডিঅ’ ক্রিয়েটবসকলে সামাজিক মাধ্যমৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন উপার্জন কৰে। এই ক্ষেত্ৰত চীনৰ ঝেঙে সকলোকে অবাক কৰিলে। উল্লেখ্য যে এইগৰাকী চীনা যুৱতীয়ে সামাজিক মাধ্যমত মাত্র তিনি ছেকেণ্ডৰ ভিডিঅ’ আপলোড কৰি আহিছে।

চীনৰ সামাজিক মাধ্যম ‘ড’য়িং’ৰ এক অতি পৰিচিত ডিজিটেল ক্রিয়েটৰ হৈছে ঝেং। এই সামাজিক মাধ্যমত ঝেঙৰ ৫০ লাখৰো অধিক অনুৰাগী আছে। সামাজিক মাধ্যমত সাধাৰণতে কনটেন্ট ক্রিয়েটৰসকলে এটা প্রডাক্টৰ ৰিভিউৰ বাবে কমেও পাঁচ-১০ মিনিট সময়ৰ ভিডিঅ’ তৈয়াৰ কৰে। কিন্তু ঝেঙে মাত্র তিনি ছেকেণ্ডৰ ভিতৰতে এই ধৰণৰ ৰিভিউ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰি আহিছে।

নিজৰ লাইভ স্ট্রীম অনুষ্ঠানৰ সময়ত ঝেঙে তিনি ছেকেণ্ডৰ ভিতৰতে যিকোনো সামগ্ৰীৰ বৈশিষ্ট্য আৰু মূল্য আদি উল্লেখ কৰে। ফলত অতি কম সময়ৰ ভিতৰত সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে বিভিন্ন সামগ্ৰীৰ প্রয়োজনীয় তথ্যপাতি আহৰণ কৰিব পাৰে। এই পদ্ধতিৰে ভিডিঅ’ তৈয়াৰ কৰি অতি কম দিনৰ ভিতৰতে চীনৰ সামাজিক মাধ্যমত বহুল জনপ্রিয়তা লাভ কৰিছে ঝেঙে। প্রকাশিত বাতৰি অনুসৰি, সম্প্রতি প্রতি সপ্তাহত ‘ড’য়িং’ৰ জৰিয়তে ঝেঙে ১২০ কোটি টকা উপাৰ্জন কৰি আহিছে।

Exit mobile version