IMF Warns Sri Lanka, Pakistan Could be like Maldives:আইএমএফৰ সকীয়নি: শ্রীলংকা, পাকিস্তানৰ দশা হ’ব পাৰে মালদ্বীপৰ

উচ্চ সুতত জধে-মধে চীনৰ পৰা ঋণ গ্রহণ অব্যাহত মালদ্বীপৰ

maldip

IMF Warns Sri Lanka, Pakistan Could be like Maldives:

চীনৰ ঋণৰ ফান্দত ভৰি দি শ্রীলংকা আৰু পাকিস্তানৰ কি দুর্দশা হ’ল সেয়া সমগ্র বিশ্বৰে জ্ঞাত। সম্প্রতি এই দুই ৰাষ্ট্রই ভয়াৱহ বিত্তীয় সংকটৰ মাজৰে অগ্রসৰ হৈছে। মূলতঃ চীনৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ পৰিণতিতে শ্রীলংকা আৰু পাকিস্তান দেউলীয়া ৰাষ্ট্ৰত পৰিণত হৈছিল।

এনে পৰিস্থিতিতে এইবাৰ আন্তঃৰাষ্ট্রীয় মুদ্রা নিধি (আইএমএফ) য়ে মালদ্বীপক এক সকীয়নি দিলে। আইএমএফে সকীয়াই দি কয় যে মালদ্বীপে যদি চীনৰ পৰা ঋণ গ্রহণ বন্ধ নকৰে তেন্তে দেশখনৰ অৱস্থা শ্রীলংকা-পাকিস্তান সদৃশ হ’ব পাৰে। অর্থাৎ অচিৰে মালদ্বীপো এখন দেউলীয়া ৰাষ্ট্ৰত পৰিণত হ’ব পাৰে বুলি সকীয়াই দিলে আন্তর্জাতিক বিত্তীয় সংস্থাটোৱে।

আইএমএফে উল্লেখ কৰা অনুসৰি যি উচ্চ সুতৰ হাৰত জধে-মধে মালদ্বীপে চীনৰ পৰা ঋণ গ্রহণ অব্যাহত ৰাখিছে, ইয়াৰ ফলত দেশখন আগন্তুক সময়ত অধিক ঋণগ্রস্ত হোৱাৰ লগতে বিত্তীয় ক্ষেত্রত ভয়াৱহ সংকটৰ” সম্মুখন হোৱাৰ সম্ভাবনা আছে। ঋণ গ্রহণৰ এই নীতি যথাসম্ভৱ শীঘ্রে মালদ্বীপে সলনি নকৰিলে আগন্তুক দিনত দেশখনৰ অৱস্থা শ্রীলংকাতকৈও ভয়াৱহ হ’ব পাৰে বুলি আইএমএফে শংকা ব্যক্ত কবিলে।

আন্তর্জাতিক সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি, আইএমএফে বুধবাৰে সকীয়নি দি কৈছিল যে মালদ্বীপে চীনৰ পৰা অত্যধিক ঋণ গ্রহণ কৰিছে আৰু একে সময়তে দেশখনে ভাৰতৰ স’তে সংঘাতত অবতীর্ণ হৈছে, এনে পৰিস্থিতি অব্যাহত থাকিলে মালদ্বীপত ঋণ সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে। আইএমএফে এই বিষয়ত পৰামর্শ দি মালদ্বীপক ঋণ বিষয়ক নীতি ততালিকে সলনি কৰিবলৈ ক’লে।

উল্লেখ্য যে চীন সমর্থক দ্বীপ ৰাষ্ট্ৰ খনৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে মালদ্বীপৰ ৰাষ্ট্রপতি হোৱাৰ পাছৰে পৰা দেশখনে বেইজিঙৰ স’তে ঘনিষ্ঠতা বৃদ্ধি কৰাৰ বিপৰীতে ভাৰতৰ স’তে সংঘাতত লিপ্ত হোৱা প্রত্যক্ষ হৈছে। চীনেও ইতিমধ্যে মালদ্বীপক বৃহৎ পৰিমাণৰ ঋণ প্রদানৰে ঘনিষ্ঠতা বৃদ্ধি কৰিছে। যোৱা মাহত মালদ্বীপৰ ৰাষ্ট্রপতি মুইজ্জুৱে বেইজিং ভ্রমণ কৰিছিল আৰু এই ভ্রমণত চীন-মালদ্বীপৰ মাজত একাধিক গুৰুত্বপূর্ণ চুক্তিও স্বাক্ষৰিত হৈছিল ৷

Exit mobile version