Private City Bus Services Will Resume In The Guwahati City:মহানগৰীত পুনৰ চলিব ব্যক্তিগত চিটীবাছ সেৱা

১ জানুৱাৰীৰ পৰা বন্ধ হৈছিল ২০০ খন চিটীবাছ, চিটীবাছ বন্ধৰ নিৰ্দেশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

ctybus

Private City Bus Services Will Resume In The Guwahati City:

মহানগৰীত বন্ধ হৈ থকা দুই শতাধিক ব্যক্তিগত চিটিবাছ পুনৰ চলিব ৰাজপথত ৷

উল্লেখ্য যে, পৰিবহন বিভাগে মহানগৰীত দুই শতাধিক অত্যাধুনিক গ্ৰীণ বাছসেৱা প্ৰৱৰ্তন কৰাৰ বিপৰীতে বন্ধ কৰি দিছে দুশ ব্যক্তিগত চিটিবাছ সেৱা ৷ ১ জানুৱাৰীৰ পৰা বন্ধ হৈছিল ২০০ খন চিটীবাছ ৷

পৰিবহন বিভাগৰ জাৰি কৰা এই সিদ্ধান্তত কিংকৰ্তব্যবিমূঢ় হৈ পৰে চিটিবাছৰ মালিক আৰু শ্ৰমিক কৰ্মচাৰী ৷ চিটীবাছৰ মালিক সংগঠনে পৰিবহন বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷

অৱশেষত পৰিবহণ বিভাগৰ চিটীবাছ বন্ধৰ নিৰ্দেশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি কৰে ৷

Exit mobile version