Chinese government has issued guidelines on the Design of the Mosque:চীনত মুছলমানৰ সমস্যাৰ অন্ত নাই, এইবাৰ মছজিদৰ ডিজাইনক লৈ নিৰ্দেশনা চৰকাৰৰ

china 1

Chinese government has issued guidelines on the Design of  Mosque:

চীনত উইঘূৰ সম্প্রদায়ৰ মুছলমানসকলৰ সমস্যাৰ অন্ত নপৰা হৈছে। এইবাৰ চীন চৰকাৰে মছজিদ নির্মাণৰ সন্দৰ্ভত নতুন নিয়ম বান্ধি দিলে। চীনৰ এইসকল ইছলাম ধৰ্মীৰ বিৰুদ্ধে চৰকাৰে বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্রহণ কৰি আহিছে।

শেহতীয়াভাবে দেশখনৰ জিনজিয়াংগ প্রদেশত ধর্মীয় প্রথাক লৈ এক নির্দেশনা প্রশাসনে জাৰি কৰিলে। জিনজিয়াংগ মছজিদৰ নিৰ্মাণৰ ক্ষেত্ৰত ডিজাইনৰ সন্দৰ্ভত কেতবোৰ নিয়ম-নীতি নির্ধাৰণ কৰি দিলে স্থানীয় প্রশাসনে।

এই নির্দেশনা অনুসৰি অবনমিত মছজিদৰ ডিজাইনত চীনা পৰম্পৰা প্রতিফলিত হ’ব লাগিব। ইছলাম ধৰ্মৰ পৰম্পৰাৰ পৰিৱর্তে মছজিদত চীনা পৰম্পৰা স্পষ্ট হ’ব লাগিব বুলি নির্দেশনাত উল্লেখ কৰিছে।

উল্লেখ্য যে পূর্বে মুছলমানসকলক ৰোজা ৰখা, ধর্মীয় পৰম্পৰা পালন, কোৰান পাঠ আদিতো প্রশাসনে নিষেধাজ্ঞা আৰোপ কৰিছিল। মছজিদ উচ্ছেদৰ দৰে অভিযানো প্রশাসনে জিনজিয়াংগত একাধিকবাৰ চলাইছিল।

Exit mobile version