Four MLAs Openly Support Himanta Biswa Sarma:হিমন্ত বিশ্ব চৰকাৰলৈ মুকলি সমৰ্থন ৪ বিধায়কৰ

বিজেপি বিধায়িনী দলৰ কক্ষত উপস্থিত চাৰি কংগ্ৰেছী বিধায়কৰ, বিধায়ক শশীকান্ত, বসন্ত দাসৰ সমৰ্থন ,বিজেপি চৰকাৰলৈ মুকলি সমৰ্থন কংগ্ৰেছ বিধায়ক ছিদ্দেক আহমেদৰ, মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা ল’লে বসন্ত দাসে

hbs 1

Four MLAs Openly Support Himanta Biswa Sarma:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত জোড়া ন্যায় যাত্ৰাৰ পিছতে কংগ্ৰেছত অঘটন ৷ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে অসমৰ ৰাজনীতিক দেখা গ’ল এক কংগ্ৰেছৰ চাৰিজনকৈ বিধায়কে চৰকাৰলৈ মুকলি সমৰ্থন আগবঢ়াই ।

আজি বিধানসভাৰ বিজেপি বিধায়িনী দলৰ কক্ষত হঠাতে উপস্থিত হয় কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বসন্ত দাস ৷ পুৱাই দুয়োগৰাকী বিধায়কে মুকলিকৈ চৰকাৰৰ কামকাজৰ প্ৰতি মুকলি সমৰ্থন থকাৰ ঘোষণা কৰে ৷

বিজেপি বিধায়িনী কক্ষত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক ফুলাম গামোচা পিন্ধাই সেৱা লয় বসন্ত দাসে ৷ একেদৰে মুখ্যমন্ত্ৰীৰ স’তে হাত মতবিনিময় কৰে কমলাক্ষ দে পুৰকায়স্থ,দুই কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দেক আহমেদ আৰু শশীকান্ত দাসে ৷

আনহাতে দুই কংগ্ৰেছী বিধায়কৰ চৰকাৰলৈ মুকলি সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কংগ্ৰেছৰ ২ বিধায়কে প্ৰধানমন্ত্ৰীৰ প্ৰতি সমৰ্থন জনাইছে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ কামক সমৰ্থন জনাব। ইয়াৰ পূৰ্বে বিধায়ক ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসে সমৰ্থন জনাইছিল বিজেপি চৰকাৰক। এতিয়া মুঠ ৪গৰাকী কংগ্ৰেছ বিধায়কে বিনাচৰ্তে চৰকাৰখনক সমৰ্থন জনাব।

দুইজনকৈ কংগ্ৰেছৰ বিধায়কৰ মুকলি সমৰ্থনে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক এতিয়া অধিক শক্তিশালী কৰিব। অৱশ্যে কংগ্ৰেছৰ নতুন নিয়ম অনুসৰি বিধায়কে মন্ত্ৰীৰ অনুষ্ঠানত যাব নোৱাৰে। তৎস্বত্বেও কিন্ত এতিয়াও সাতজন কংগ্ৰেছ বিধায়কৰ স’তে আমাৰ যোগাযোগ অব্যাহত আছে ৷ শীৰ্ঘেই তেওঁলোকক দেখা বিজেপি বিধায়িনী দলত ৷ মই এতিয়াৰ পৰা চৰকাৰী কৰ্মসূচী লৈ কংগ্ৰেছৰ বিধায়কৰ সমষ্টিলৈ গ’লে তেখেত সকলৰ ঘৰত যাম৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আচলতে আছিল ভাৰত তড়ো যাত্ৰা । ৰাহুলৰ স’তে কোনো কংগ্ৰেছ বিধায়ক নাই ৷ চমুকৈ ক’বলৈ গ’লে তেওঁলোকৰ দেহা কংগ্ৰেছত কিন্ত মনটো বিজেপিত । ৰাজিৱ ভৱনৰ প্ৰতিটো ডাৱৰ বাতৰি আমাৰ নখ দৰ্পণত ৷ তাত আমাৰ মানুহ মজুত আছে ৷

আনহাতে ২০২৬ ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০ আসন পাব ৷ একেদৰে আগন্তুক লোকসভা নিৰ্বাচনৰ পিছত দেবব্ৰত শইকীয়া বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

সাংবাদিকে লোকসভা নিৰ্বাচন সন্দৰ্ভত সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,লোকসভা নিৰ্বাচনত ১১+ হ’ব ,১২ টো এতিয়াও নিশ্চিত নহয়। ১৩ আৰু ১৪ আমি নাপাওঁ ৷কিন্ত টিকট ঘোষণাৰ পাছতে কম ৷

আনহাতে শাসক দলক সমৰ্থন দিয়াৰ সন্দৰ্ভত কমলেক্ষ দে পুৰুকায়স্থই কয়,মই দাদা ব্ৰিগেডৰ সদস্য আছিলোঁ, তেওঁৰ পৰামৰ্শ মতে কাম কৰি আছিলোঁ ৷

ইপিনে ইজনৰ পাছত সিজনকৈ কংগ্ৰেছৰ বিধায়ক বিজেপি মুখী হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এআইইউডিএফৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে কয়,’কংগ্ৰেছ দলে অসমত বিজেপিক সাৰ-পানী যোগাই আছে’।

ৰাজ্যত এতিয়া বিৰোধীৰ ভূমিকা লৈ আছে এআইইউডিএফে ৷ আমি পূৰ্বতেও কৈছিলো কংগ্ৰেছৰ সৰহ সংখ্যক বিধায়ক মুখ্যমন্ত্ৰীৰ স’তে প্ৰত্যেক্ষ যোগাযোগত আছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ শূন্য হ’ব ।

Exit mobile version