Saraswati Puja:আজি সৰস্বতী পূজা ,বীণাপানিৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য

শিক্ষানুষ্ঠানত ভীৰ শিক্ষাৰ্থীৰ

sraswati puja

Saraswati Puja:

আজি সৰস্বতী পূজা ৷ বাকদেৱীৰ আৰাধনাৰ দিন । পুৱাৰে পৰা বীণাপানিৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ৷ সৰস্বতী পূজা উপলক্ষে পুৰোহিতৰ মন্ত্ৰোচাৰণৰে ভক্তিময় পৰিবেশ গঢ়ি উঠিছে শিক্ষানুষ্ঠান চৌহদ ৷

মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ মহাবিদ্যালয়তো পুৱাৰে পৰা ন- সাজ পৰিধান কৰি সাজিকাচি অহা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে দুয়োখন শিক্ষানুষ্ঠানৰ পৰিৱশ ভক্তিময় কৰি তোলে ৷

পৰম্পৰাগত ভাৱে এইবাৰো কটনৰ চৌহদত আয়োজন কৰা সৰস্বতী পূজাত অংশগ্ৰহণ কৰিবলৈ পুৱাৰে পৰা ন-পুৰণিৰ সোঁত বয় পূজাস্থলীলৈ ৷

Exit mobile version