BJP Sends Large Donor To Ram Temple To Rajya Sabha:ৰাম মন্দিৰৰ বাবে দিছিল বৃহৎ দান

সেইজন ব্যক্তিক ৰাজ্যসভালৈ প্ৰেৰণ বিজেপিৰ

govind

BJP Sends Large Donor To Ram Temple To Rajya Sabha:

গুজৰাটৰ ডায়মণ্ড চিটিৰ প্ৰতিষ্ঠিত হীৰা ব্যৱসায়ী গোবিন্দ ঢোলকীয়াক ৰাজ্যসভালৈ প্রেৰণ কৰিব বিজেপিয়ে। গুজৰাটত খালী হোৱা ৰাজ্যসভাৰ চাৰি আসনৰ এক আসনত বিজেপিয়ে প্রার্থী হিচাপে প্রক্ষেপ কৰিলে ঢোলকীয়াক।

বিধানসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰতি লক্ষ্য ৰাখি ঢোলকীয়াৰ ৰাজ্যসভাৰ নিৰ্বাচনত জয় একপ্রকাৰ নিশ্চিত। গুজৰাটৰ ৰাজ্যসভাৰ খালী হোৱা চাৰিখন আসনতে বিজেপি প্রার্থীৰ জয় নিশ্চিত।

প্রকাশিত বাতৰি অনুসৰি গুজৰাটৰ এইজন আগশাৰীৰ হীৰা ব্যৱসায়ীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১১ কোটি টকা দান আগবঢ়াইছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ স’তেও ঢোলকীয়াৰ প্রায় দুই দশকৰো অধিক পৰিচয় আছে।

সপ্তম শ্রেণীলৈকে অধ্যয়ন কৰা ঢোলকীয়া শ্ৰীৰামকৃষ্ণ এক্সপ’ৰ্ট হীৰা কোম্পানীৰ স্বত্বাধিকাৰী। ১৯৬৪ ত তেওঁ ছুটত হীৰাৰ ব্যৱসায়ৰ স’তে জড়িত হৈছিল। প্ৰথমতে হীৰা কৰ্তন আৰু পলিচিঙৰ কাম কৰা ঢোলাকীয়াই পৰৱৰ্তী সময়ত নিজৰ কোম্পানী গঠন কৰিছিল ৷

Exit mobile version