National Conference Will Contest Alone In Kashmir:
লোকসভা নিৰ্বাচনত ২০২৪ৰ পূৰ্বে বিৰোধীৰ ইণ্ডিয়া মৰ্চাত অঘটন অব্যাহত আছে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্রী আৰু নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাই আজি ঘোষণা কৰি কয় যে তেওঁৰ দলে আসন্ন নির্বাচনত ৰাজ্যখনত অকলে প্রতিদ্বন্দ্বিতা কৰিব।
ADVERTISEMENT
উল্লেখ্য যে আব্দুল্লাৰ পূৰ্বে দিল্লী আৰু পঞ্জাৱত আপে আৰু পশ্চিমবংগত তৃণমূল কংগ্রেছে লোকসভাত অকলে প্রতিদ্বন্দ্বিতা কৰিব বুলি সিদ্ধান্ত গ্রহণ কৰিছিল। জম্মু-কাশ্মীৰত লোকসভাৰ লগতে বিধানসভাৰ নির্বাচন অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে।
ইণ্ডিয়া মৰ্চাৰ সদস্য হোৱাৰ পাছতো জম্মু-কাশ্মীৰত আব্দুল্লাৰ দলে আসন্ন নির্বাচনত অকলে প্রতিদন্দ্বিতাৰ বাবে সিদ্ধান্ত গ্রহণ কৰাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে।