Two Missing Girls In Nunmati:ৰাহুল কাশ্যপ ছদ্মনামেৰে দৃষ্টিহীন মাধৱ দাসে জালত পেলাইছিল মহানগৰীৰ দুই ছাত্ৰীক

নুনমাটিৰ দুই সন্ধানহীন ছাত্ৰীৰ সন্দৰ্ভত ন ন তথ্য পোহৰলৈ, বহি:ৰাজ্যলৈ নিয়াৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল অন্ধ মাধৱ দাসে

missing@noonmati

Two Missing Girls In Noonmati:

ৰাজ্যত মানৱ সৰবৰাহকাৰীৰ দৌৰাত্ম্যৰ এক ভয়ংকৰ কাণ্ড ৷সৰস্বতী পূজাৰ দিনা গুৱাহাটীৰ পৰা সন্ধানহীন হোৱা কিশোৰী ছাত্ৰীক উদ্ধাৰৰ জৰিয়তে বৃহস্পতিবাৰে পোহৰলৈ আহে।

সৰস্বতী পূজাৰ দিনা বিয়লী নুনমাটিৰ পঞ্চদ্বীপ জাতীয় বিদ্যালয়ৰ দুগৰাকী ছাত্রী সন্ধানহীন হৈছিল। সন্ধিয়া পর্যন্ত ঘৰলৈ উভতি নহাত নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

আৰক্ষীৰ অনুসন্ধান চলি থকাৰ মাজতে নিশা ছাত্রী দুগৰাকীৰ পৰিয়াললৈ বিশেষ হোৱাটছএপ বার্তা আহিছিল। তাত লিখা আছিল যে ঘৰত নানান অসুবিধাৰ সন্মুখীন হৈ তেওঁলোক ওলাই আহিছে। পাঁচ বছৰৰ পাছত পুনৰ তেওঁলোক ঘৰলৈ উভতি যাব। গতিকে চিন্তা কৰিব নালাগে। সংবাদ মাধ্যম আৰু আৰক্ষীকো জনোৱাৰ প্ৰয়োজন নাই বুলি বার্তাটোত উল্লেখ আছিল; কিন্তু আৰক্ষীৰ অভিযান চলিছিল।

অৱশেষত বৃহস্পতিবাৰে আৰক্ষীয়ে ম’বাইল ফোন ট্রেক কৰি কিশোৰী দুগৰাকীৰ অৱস্থান ধৰা পেলায়। তাৰ পাছতে টিহু আৰক্ষীয়ে টিহু হাটখালাৰ এটা ভাড়াঘৰৰ পৰা কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে।

ভাড়া ঘৰটোত গোপাল ৰামছিয়াৰী আৰু তেওঁৰ পত্নী জুনুমণি ৰামছিয়াৰী ভাড়াতীয়া হিচাপে থাকে। ইয়াৰ পাছত চলা প্রাথমিক অনুসন্ধানতে মানৱ সৰবৰাহকাৰী চক্ৰৰ দৌৰাত্ম্যৰ উদ্বেগজনক কাণ্ড পোহৰলৈ আহে। বুধবাৰে নিশা তেওঁৰ ভ্ৰাতৃ অৰুণ দাসে মাধৱ দাস নামৰ এজনৰ লগত কিশোৰী দুগৰাকীৰ স’তে তেওঁলোকৰ ভাড়াঘৰত উপস্থিত হৈছিল। কিছু সময়ৰ পাছত অৰুণ আৰু মাধৱে কিশোৰী দুগৰাকীক অন্য এঠাইলৈ নিব বিচাৰে; কিন্তু জুনুমণিয়ে নিজৰ জীয়ৰীৰ বয়সৰ অচিনাকি কিশোৰী দুগৰাকীক নিশা ক’লৈকো নিবলৈ নিদি লগত ৰাখি থয়। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে অৰুণ দাসে গুৱাহাটী ষ্টেছনত ফেৰিৱালাৰ কাম কৰে।

আনহাতে, দৃষ্টিহীন মাধৱ দাসে ৰাহুল কাশ্যপ ছদ্মনামেৰে ৰে’লৱে ষ্টেছনত গান গায়; কিন্তু আৰক্ষীয়ে মাধব দাসৰ দৃষ্টিহীনতাক লৈ সন্দেহ প্রকাশ কৰিছে। সেয়েহে আৰক্ষীৰ দ্বাৰা চকু পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। ষ্টেছনতে দুয়োজনৰ যোগাযোগ গঢ়ি উঠিছিল।

অৰুণ দাসৰ ম’বাইল ফোনটো পৰীক্ষা কৰাত আৰক্ষীয়ে তাত বহু যুৱতী আৰু কিশোৰীৰ ফটো উদ্ধাৰ কৰে। অৰুণ আৰু মাধৱেও কিশোৰী দুগৰাকীৰ লগত কোনো প্ৰকাৰে যোগাযোগ স্থাপন কৰি নানান প্রলোভন দি দুয়োকে বুধবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা নি টিহুত ৰাখিছিল।

বৃহস্পতিবাৰে কিশোৰী দুগৰাকীক কোনো স্থানলৈ প্রেৰণৰ পৰিকল্পনাও কৰা হৈছিল। এই চক্ৰটোৰ লগত ৰাহুল কলিতা নামৰ আন এজন লোক জড়িত থকাৰ তথ্য পোহৰলৈ আহে। আৰক্ষীয়ে দৃষ্টিহীন মাধৱ, অৰুণ আৰু ৰাহুল কলিতাক গ্রেপ্তাৰ কৰিছে। আনহাতে, নিশাই কিশোৰী দুগৰাকীক নুনমাটি থানালৈ অনা হয়। ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ জেৰা

Exit mobile version