Golaghat District Congress President Dadu Tayek expelled from the Congress:গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

hbsoo

Golaghat District Congress President Dadu Tayek expelled from the Congress:

গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েক প্ৰদেশ কংগ্ৰেছে এক নিৰ্দেশনা যোগে তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ আজি দলৰ পৰা বহিষ্কাৰ কৰে ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত দাদু টায়েক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয়।

উল্লেখ্য যে,গোলাঘাটৰ সৰুপথাৰলৈ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা যোৱাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি মিচিং জনগোষ্ঠীয় অংগবস্ত্ৰ পিন্ধাইছিল দাদু টায়ে।

আনহাতে ,প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে গোলাঘাট জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ৰূপে নিযুক্তি দিছে এপিচিচিৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়াক ৷

Exit mobile version