Naveen Patnaik is the most popular Chief Minister of the India:দেশৰ দ্বিতীয় সর্বাধিক জনপ্রিয় মুখ্যমন্ত্ৰীৰ স্বীকৃতি আদিত্যনাথলৈ, শীৰ্ষত কোন ?

naveen patnaik

Naveen Patnaik is the most popular Chief Minister of the India:

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ এক সমীক্ষাত দেশৰ দ্বিতীয় সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রী হিচাপে স্বীকৃত হ’ল। এই সমীক্ষা অনুসৰি ওড়িছাৰ মুখ্যমন্ত্রী নবীন পাটনায়কে তালিকাত শীর্ষ স্থান লাভ কৰিলে।

পাটনায়কে ৫২.৭ শতাংশ বেটিং লাভৰে দেশৰ সবাতোকৈ জনপ্রিয় মুখ্যমন্ত্ৰীৰ স্বীকৃতি লাভ কৰে। যোগীয়ে ৫১.৩ শতাংশ ৰেটিঙৰে তালিকাত লাভ কৰে দ্বিতীয় স্থান। আনহাতে, তালিকাত ৪৮.৬ শতাংশ ৰেটিঙৰে তৃতীয় স্থানত আছে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

৪২.৬ শতাংশ ৰেটিঙৰে তালিকাত চতুর্থ স্থান দখল কৰিলে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলে। আনহাতে, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী ডাঃ মাণিক সাহাই তালিকাত ৪১.৪ শতাংশ ৰেটিঙৰে পঞ্চম স্থান অর্জন কৰে ৷

Exit mobile version