Smoke From the Dumping Grounds is Causing Serious Pollution:ডাম্পিং গ্রাউণ্ডৰ জুইৰ ধোঁৱাই সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণ

ব্যৱস্থা গ্ৰহণৰ দাবীত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক স্মাৰকপত্ৰ

damping ground

Smoke From the Dumping Grounds is Causing Serious Pollution:

গুৱাহাটী মহানগৰীৰ পৌৰ নিগমৰ অধীনস্থ এলেকাৰ ৬০টা ৱার্ডৰ আৱৰ্জনাসমূহ পেলোৱাৰ বাবে পশ্চিম বৰাগাঁৱৰ বেলৰতলত হাউছিং ব’ৰ্ডৰ প্রায় ৬০ বিঘা মাটিত গুৱাহাটী পৌৰ নিগমে ২০২১ৰ আগষ্টৰ প্ৰথম সপ্তাহত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত স্থাপন কৰিছিল এটা ডাম্পিং গ্রাউণ্ড

কিন্তু বিগত সময়ছোৱাত ডাম্পিং গ্রাউণ্ডটোৱে সৃষ্টি কৰা দূষিত ভয়াবহ প্ৰদূষণৰ বাবে পশ্চিম বৰাগাঁৱৰ উপৰি দাঁতিকাষৰীয়া পামহী, মইনাখোবোং, দেউছতাল, মাঘুৱাপাৰা, বড়োপাৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিগত প্রায় আঢ়ৈ বছৰ ধৰি শান্তিৰে অলপো উশাহ ল’ব পৰা নাই। এক কথাত ক’ব লাগিলে দুৰ্গন্ধৰ স’তে সহাবস্থান কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে।

বিগত সময়ছোৱাত দীপৰ বিল সুৰক্ষা মঞ্চ, পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চ, ইয়ং গ্রীণ ক্লাব,নৱজ্যোতি সংঘকে ধৰি এই অঞ্চলটোৰ ৰাইজে বেলৰতলত স্থাপন কৰা ডাম্পিং গ্রাউণ্ড তাৰ পৰা স্থানান্তৰ কৰাৰ বাবে বিভিন্ন প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিছিল।

আনকি দীপৰ বিল সুৰক্ষা মঞ্চই এই সন্দৰ্ভত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি পত্র প্ৰেৰণ কৰিছিল। তাৰ পাছত গুৱাহাটী পৌৰ নিগমে দুর্গন্ধ আঁতৰ কৰাৰ বাবে বৈজ্ঞানিক পদ্ধতি অবলম্বন কৰা হ’ব বুলি কে’বাবাৰো প্রতিশ্রুতি দিছিল। কিন্তু প্রতিবাদী ৰাইজৰ দাবীত সেও মনা দেখুৱাই গুৱাহাটী পৌৰ নিগমে প্রতিশ্রুতি দিয়াৰ আঢ়ৈ বছৰ পাৰ হোৱাৰ পাছতো ডাম্পিং গ্রাউণ্ডব আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দুর্গন্ধ আঁতৰ কৰাৰ বাবে বিশেষ অত্যাধুনিক বৈজ্ঞানিক পদ্ধতি প্রয়োগ নকৰাত আজিও দুর্গন্ধই ছানি ধৰি আছে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ।

ইফালে, ভূতৰ ওপৰত দানহ পৰাদি বিগত জ্বলি থকা ঘটনা আৰু তাৰ পৰা অহৰহভাবে আহি থকা ধোঁৱাই পৰিৱেশটো পুনৰ ভয়াৱহভাবে প্ৰদূষিত কৰিছে। যাৰ বাবে দীপৰ বিল সুৰক্ষা মঞ্চই এই সমস্যাৰ পৰিত্ৰাণ বিচাৰি অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ সদস্য সচিবক ই- মেইল যোগে এখন স্মাৰকপত্র প্ৰেৰণ কৰিছে।

স্মাৰকপত্ৰখনত দীপৰ বিলৰ সমীপৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত বে- আইনীভাবে স্থাপন কৰা ডাম্পিং গ্রাউণ্ড বন্ধ কৰা আৰু ডাম্পিং গ্রাউণ্ডৰ জুইৰ ধোঁৱাই ভয়াৱহভাবে সৃষ্টি কৰা প্ৰদূষণ সন্দর্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। একেদৰে দীপৰ বিলত মৰা ভৰলু, বশিষ্ঠ আৰু বাহিনী নদীয়ে কঢ়িওৱা প্ৰদূষিত পানী আৰু আৱর্জনা পেলোৱা বন্ধ কৰাৰো দাবী জনাইছে।

আনহাতে দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যক প্ৰদূষিত কৰি ধ্বংসকার্যত জড়িত বিষয়াক শাস্তি প্রদানৰ বাবেও দাবী জনোৱা হৈছে। শেষত ডাম্পিং গ্রাউণ্ডত জুই লগাই দি জাবৰৰ পাহাৰৰ আকাৰ কম কৰিব বিচৰা কাৰ্যৰ এক উচিত তদন্ত কৰি দোষীক শাস্তি প্রদান কৰিবলৈও পত্ৰখনত দাবী জনোৱা হৈছে।

Exit mobile version