Nalbari Incident:কৰুণ, মৰ্মান্তিক ঘটনা নলবাৰীত

স্বামীয়ে বিহ খুৱাই হত্যা কৰিলে নিজ পত্নী-পুত্ৰক,পলাতক ঘাতক স্বামী

nalbari 2

Nalbari Incident:

আজি আছিল বিশেষভাৱে সক্ষম ১৫ বৰ্ষীয় পুত্ৰৰ জন্মদিন ৷ কিন্ত এইদিনটোতে পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ । একেদৰে স্বামীৰ হাতত কৰুণ মৃত্যুক সাবটি ল’লে পত্নীয়ে ৷এই কৰুণ ঘটনা সংঘটিত হৈছে নলবাৰীৰ বৰসৰকুছীত । ইতিমধ্যে এই ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যকৰ ৷

সোমবাৰে নিশা ঘৰৰ ভিতৰতে উদ্ধাৰ হয় মাতৃ-পুত্ৰৰ মৃতদেহ ৷ মৃতদেহ কেইটা কবিতা হালৈ আৰু তেওঁৰ কিশোৰ পুত্ৰ হৃষিকেশ কাশ্যপ ৷ নিজ বাসগৃহৰ শোৱণি কোঠাত দুই মাতৃ- পুত্ৰৰ নিথৰ দেহ উদ্ধাৰ কৰে আত্মীয় । তাৰ পাছতে হুৱাদুৱা লাগে৷

পিছতে আত্মীয়ই আৰক্ষীক খৱৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি মৃত মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে ৷

স্থানীয় লোক আৰু আত্মীয়ই অভিযোগ কৰা মতে স্বামী জগদীশ হালৈয়ে পত্নী আৰু পুত্ৰক বিহ খুৱাই হত্যা কৰি সম্প্ৰতি পলাতক অৱস্থাত আছে।

আনহাতে আৰক্ষীয়ে পলাতক ঘাতক স্বামীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ জগদীশ হালৈ আটক হোৱাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

উল্লেখ্য যে,জগদীশ হালৈ ব্যক্তিগত ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল ৷ সেই সূত্ৰে গুৱাহাটীত থাকে যদিও মাজে সময়ে নিজৰ নলবাৰীস্থ পৈত্ৰিক গৃহটো থাকেহি ৷

Exit mobile version