APSC Preliminary Examination Date Changed:এ পি এছ চি প্ৰাৰম্ভিক পৰীক্ষাৰ দিন সলনি

apsc 1

APSC Preliminary Examination Date Changed:

এপিএছচিৰ নিৰ্ধাৰিত দিনত নহয় প্ৰাৰম্ভিক পৰীক্ষা ৷ পূৰ্বে ঘোষণা কৰা এদিনৰ পাছতহে হ’ব প্ৰাৰম্ভিক পৰীক্ষা ৷ অসম লোকসেৱা আয়োগে বৃহস্পতিবাৰে এক নতুন নিৰ্দেশনা যোগে নতুন দিন ঘোষণা কৰে ৷

উল্লেখ্য যে এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা ইয়াৰ পূৰ্বে নিৰ্ধাৰিত কৰা হৈছিল ১৭ মাৰ্চত ৷ এই দিনটোতে আকৌ শ্লেটৰ পৰীক্ষাৰো দিন আছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত দুয়োটা পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীয়ে অসুবিধাত পৰে ৷ সদৌ অসম ছাত্ৰ সন্থাই এপিএছচি প্ৰাৰম্ভিক পৰীক্ষাৰ দিন সলনি কৰিবলৈ এপিএচচিৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰে বুধবাৰে ৷

যাৰবাবে আজি এপিএছ চিয়ে প্ৰাৰম্ভিক পৰীক্ষাৰ দিন সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি ১৭ মাৰ্চৰ পৰিৱৰ্তে ১৮ মাৰ্চতহে উক্ত পৰীক্ষা অনুষ্ঠিত কৰিব।

Exit mobile version