Cachar College Principal Dr. Siddharth Shankar Nath suspended:কাছাৰ কলেজৰ অধ্যক্ষ ড: সিদ্ধাৰ্থ শঙ্কৰ নাথক নিলম্বন

cacher college

Cachar College Principal Dr. Siddharth Shankar Nath suspended:

১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত নিজৰ ভতিজাক আৰু এগৰাকী পৰীক্ষাৰ্থীক চিকৰূমত বহাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে নকল যোগান দিছিল কাছাৰ কলেজৰ অধ্যক্ষ ড: সিদ্ধাৰ্থ শঙ্কৰ নাথে ৷

এই সন্দৰ্ভত জিলা প্ৰশাসনে অভিযোগ পোৱাত তাৎক্ষণিকভাৱে দণ্ডাধীশ নিয়োগ কৰে ৷ পিছত দণ্ডাধীশ উপস্থিত হৈ নকল যোগান ধৰি থকাৰ সময়তে ড:সিদ্ধাৰ্থ শঙ্কৰ নাথক হাতেলোটে ধৰা পেলাই ৷ আনকি চিকৰূমত পৰীক্ষা দিয়া দুই পৰীক্ষাৰ্থীয়ে দণ্ডাধীশক লিখিতভাবে স্বীকাৰোক্তিত উল্লেখ কৰে যে অধ্যক্ষ ড:সিদ্ধাৰ্থ শঙ্কৰ নাথে তেওঁলোকক নকল যোগান ধৰিছিল ৷

পৰৱৰ্তী সময়ত কাৰ্যবাহী দণ্ডাধীশে নকল সহ সকলো সামগ্ৰী জব্দ কৰে ৷ পিছত জিলা আয়ুক্ত আৰু জিলা শিক্ষা বিভাগে লিখিতভাৱে প্ৰতিবেদন দাখিল কৰে উচ্চ শিক্ষা সঞ্চালকক ।

জিলা আয়ুক্তৰ প্ৰতিবেদন লাভ কৰাৰ পাছতে উচ্চ শিক্ষা বিভাগৰ সঞ্চালক পমি বৰুৱাই তাৎক্ষণিকভাৱে ড:সিদ্ধাৰ্থ শঙ্কৰ নাথক চাকৰিৰ পৰা নিলম্বন কৰাৰ নিৰ্দেশনা জাৰি কৰে ।

Exit mobile version