Guwahati Student Suicide:CBSEৰ প্ৰথম পৰীক্ষাৰ দিনাই চৰম সিদ্ধান্ত ল’লে মহানগৰীৰ এজন ছাত্ৰই

ফ্লেটত উদ্ধাৰ কৃতী ছাত্ৰৰ মৃতদেহ, দশম শ্ৰেণীত দেশৰ ভিতৰতে পঞ্চম স্থান পাইছিল ময়ূৰে

suicide

Guwahati Student Suicide:

CBSEৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থকাৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা ৷ বেলতলাত সংঘটিত হয় কৰুণ ঘটনা। চিবিএছচি পৰীক্ষাৰ প্ৰথম দিনাই চৰম পন্থা বাছি ল’লে এগৰাকী কৃতী ছাত্ৰই।

প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱাভাগত মহানগৰীৰ বেলতলা চন্দন নগৰৰ উৰ্বশী এনক্লেভৰ ফ্লেট নম্বৰ ১০২ত উদ্ধাৰ হয় গুৱাহাটী দিল্লী পাব্লিক স্কুলৰ ছাত্ৰজনৰ নিঠৰ দেহ।

ফ্লেটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় ময়ূৰ গোস্বামী নামৰ মেধাবী ছাত্ৰজনৰ মৃতদেহ।

উল্লেখ্য যে,মৃত ছাত্ৰজন চিবিএছচিৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দেশৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিছিল ময়ূৰ গোস্বামীয়ে। এজন কেয়াৰ টেকাৰৰ সৈতে ফ্লেটত বাস কৰিছিল ময়ূৰ গোস্বামীয়ে।

আজি পুৱা কেয়াৰ টেকাৰজনে শোৱাৰ পৰা উঠি ময়ুৰৰ কোঠা বহু সময়লৈ বন্ধ হৈ থকাত এপাৰ্টমেণ্টটোৰ নিৰাপত্তাৰক্ষীৰ জৰিয়তে কোঠালিটোৰ দুৱাৰ ভাঙি প্ৰত্যক্ষ কৰে চিপ লৈ ওলমি থকা ৷ ইয়াৰ পাছতে হুৱাদুৱা লাগে ৷

পিছত ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷

আনহাতে ,আৰক্ষীয়ে মৃতদেহৰ কাষত উদ্ধাৰ কৰে এখন চিঠি ৷ সন্দেহ কৰা মতে ,উদ্ধাৰ হোৱা চিঠি খন চুইচাইড নোট

Exit mobile version