Bjp Mp Candidate:লোকসভা নির্বাচনক লৈ আজি দিল্লীত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰাৰ্থী পেনেল লৈ আজি দিল্লীলৈ মুখ্যমন্ত্ৰী, পাঁচজন সাংসদ প্ৰাৰ্থীৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা

cm hbs

Bjp Mp Candidate:

দেশৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত শাসনাধিষ্ঠ বিজেপি দল প্ৰাৰ্থীত্ব কেন্দ্ৰীক বিষয়ক লৈ তৎপৰ হৈ পৰিছে ৷

ADVERTISEMENT

দলীয় প্ৰাৰ্থীক লৈ শেষ মোহৰ মাৰিবলৈ আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এক গুৰুত্বপূৰ্ণ বৈঠক

ইতিমধ্যে বৈঠকত অংশ ল’বলৈ বিজেপি শাসিত প্ৰতিখন ৰাজ্যৰ দলীপ্ৰভাৰী আৰু সহ-প্ৰভাৰীসকল উপস্থিত হৈছে দিল্লীত ৷

দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব লগা বিশেষ বৈঠকত গৃহমন্ত্রী অমিত শ্বাহো বৈঠকত উপস্থিত থাকিব

আনহাতে , অসমৰ দলীয় প্ৰাৰ্থীৰ পেনেল লৈ আজি নতুন দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ লগত যাব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷

প্ৰাপ্ত খবৰ অনুসৰি প্ৰাৰ্থী পেনেলত স্থান লাভ কৰা বৰ্তমানৰ পাঁচজন সাংসদ । এইসকলৰ ভিতৰত গুৱাহাটীৰ সাংসদ কুইন ওজা,তেজপুৰৰ পল্লৱলোচন দাস,শিলচৰৰ বিধায়ক ৰাজদ্বীপ ৰয় সহ আন দুজন ৷

Exit mobile version