Despite Ambitious Schemes, Farmers in the State are Desperate for Water:অভিলাষী আঁচনি সত্ত্বেও ৰাজ্যৰ কৃষকৰ পানীৰ বাবে হাহাকাৰ

irrigation

Despite Ambitious Schemes, Farmers in the State are Desperate for Water:

দেশৰ কৃষকে যাতে পানীৰ অভাৱত কৃষিকার্যত অসুবিধা নাপায় তাব বাবে কেন্দ্রই ৰূপায়ণ কৰা প্রধানমন্ত্রী কৃষি সিঁচাই যোজনা (পিএমকেএছৱাই)
অসমত অতি সীমাবদ্ধ ৰূপতহে কাৰ্যকৰী হৈছে।

তদুপৰি বিগত এবছৰে আঁচনিখনৰ প্ৰস্তাৱ অনুমোদন অসমত সম্পূর্ণ স্তব্ধ হৈ পৰিছে। এই আঁচনিখনৰ শ্ল’গান হ’ল ‘হৰ খেত কো পানী’ অর্থাৎ সকলো খেতি পথাৰলৈ পানী যোগান। অসমত জলসিঞ্চন তথা পানীৰ অভাৱত কৃষকে বছৰৰ অধিক সময়ত হামৰাও কাঢ়িব লগা হয়। এই সময়তো ৰাজ্যৰ অধিকসংখ্যক পথাৰ উদং হৈ পৰি থকাৰ মূল কাৰণ হ’ল পানী যোগান নথকা। বৰষুণৰ অনন্ত অপেক্ষা কটাবলগীয়া হৈছে ৰাজ্যৰ লাখ লাখ কৃষকে। পিএমকেএছৱাই আঁচনিখনৰ ব্যৰ্থতাক এই পৰিস্থিতিয়েই উদঙাই দিছে।

অসমৰ বাবে উদ্বেগৰ আন এক গুৰুত্বপূৰ্ণ ক্ষেত্র হৈ উঠিছে। চোহ বাগিচাসমূহ। ইতিমধ্যে চাহ গছবোৰত আটাইতকৈ উৎকৃষ্টমানৰ এটি কলি দুটি পাতে পোখা মেলিব লাগিছিল। কিন্তু পানীৰ অভাৱত চাহ গছলৈ সেই পৰিৱেশ অহা নাই। ৰাজ্যখনত পিএমকেএছৱাই আঁচনিখনৰ ব্যৰ্থতাৰ এয়াও এক উদাহৰণ।

ইতিমধ্যে অসমত আঁচনিখনৰ অধীনত দুটা পর্যায়ত ১৮ খন জিলাত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ বাবে টিউবৱেল সংস্থাপন কৰা হৈছে। তথ্য অনুসৰি এনে টিউবৱেলৰ সংখ্যা হ’ল প্রায় ৭,৫৬৩ টা। কিন্তু ইয়াৰে বেছিভাগেই সম্প্রতি অকামিলা হোৱাৰ অভিযোগ উঠিছে। অসমৰ কৃষি খণ্ডৰ গুৰুত্বপূৰ্ণ অংগ হ’ল চাহ বাগিচাসমূহ। বাগিচাবোৰত জলসিঞ্চনৰ যি সুবিধা আছে সেয়া বাগিচা কর্তৃপক্ষই নিজাকৈ যোগাৰ কৰি লোৱা।

অসম চৰকাৰে কেন্দ্ৰৰ আঁচনিখনৰ সহায়ত বাগিচাবোৰতো জলসিঞ্চনৰ ব্যৱস্থা কৰা কেবিনেট সিদ্ধান্ত ডেৰ বছৰ পূৰ্বে গ্রহণ কৰিছিল। সেই অনুসৰি এবছৰ পূর্বে ১৮ খন জিলাৰ বাগিচাবোৰত পিএমকেএছৱাই আঁচনিখন কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰৰ ওচৰত আবেদন দাখিল কৰে। কিন্তু বিগত এবছৰৰ ওপৰ কাল এই প্রস্তাৱে অনুমোদন লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ৰাজ্যৰ জলসিঞ্চন বিভাগে প্রস্তাৱটো অনুমোদন কৰি অনাত বিফল হোৱাটো এয়া প্রায় স্পষ্ট হৈছে। তাৰ পৰিণতিতে পানীৰ অভাৱত ৰাজ্যৰ বাগিচাসমূহ সম্প্রতি গভীৰ সংকটৰ সন্মুখীন হৈছে। প্রসংগক্রমে উল্লেখ্য যে অসমৰ কৃষি ভূমিৰ মাত্র ১৪ শতাংশতহে জলসিঞ্চনৰ সুবিধা আছে। সেয়েহে পিএমকেএছৱাই আঁচনিখন ৰূপায়ণৰ গুৰুত্ব কৃষি প্রধান ৰাজ্য অসমত সর্বাধিক। অথচ অসমতে আঁচনিখনৰ ৰূপায়ণ প্রায় স্থৱিৰ হৈ পৰিছে।

Exit mobile version